নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কাতি বিহু

🔹 লখিমীক আদৰাৰ পূর্বে পথাৰ উজলিব চাকি–আকাশবন্তিৰে

🔹 দামবৃদ্ধি, প্রান্তে প্রান্তে ছন পৰা কৃষিভূমিলৈ চাই কৃষকৰ হা–হুমুনিয়াহ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ পূর্বে আজি অসমীয়াই পালন কৰিব কাতি বিহু৷ অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ পৰা জীৱনদায়িনী ঔষধলৈকে দামবৃদ্ধিৰ টেঁটু চেপাৰ মাজতে কাতি বিহু উদযাপনৰ প্রস্তুতি আৰম্ভ হৈছে৷ খেতিপথাৰত চাকি তথা আকাশবন্তি জ্বলাই কাতি বিহু উপলক্ষে নেদেখাজনৰ ওচৰত ৰাজ্যবাসীয়ে প্রার্থনা জনাব৷ অসমৰ তিনিওটা বিহুৰ অন্যতম হৈছে কাতি বিহু৷ কিন্তু মহত্ত্বৰ ফালৰ পৰা কাতি বিহুক কঙালী বিহু বুলিও অভিহিত কৰা হয়৷ মাঘ বিহুৰ দৰে ভোগৰ বতৰ অথবা ৰঙালী বিহুৰ দৰে ৰং–ৰহইচ নাথাকিলেও আধ্যাত্মিক দিশৰ পৰা কাতি বিহুৰ সুকীয়া তাৎপর্য আছে৷ মোহনীয় শাৰদীয় বতৰত কাতি বিহুৰ সন্ধিয়া ঘৰৰ চোতালৰ তুলসীৰ তলত, গোহালি, পদূলি, বাৰী, খেতিপথাৰত এগছি বন্তি জ্বলাই লখিমীক ঘৰলৈ অহাৰ বাট দেখুৱায়৷ তুলসীৰ তলৰ চাকি আৰু পথাৰত জ্বলোৱা আকাশবন্তিয়ে কাতি বিহুৰ সন্ধিয়া ৰাজ্য সুশোভিত কৰি তোলে৷ কেৱল ঘৰতেই নহয়, নামঘৰতো নাম–প্রসংগৰে গঞা ৰাইজে আধ্যাত্মিক চিন্তা–চর্চাৰে কাতি বিহুৰ সন্ধিয়া মন আলোকিত কৰি তোলে৷ অৱশ্যে সঁচা অর্থতেই যেন এতিয়া কাতি বিহু অসমবাসীৰ বাবে কঙালীত পৰিণত হৈছে৷ কিয়নো শাক–পাচলি, মাছ–মাংস, চাউল–দাইলৰ পৰা আৰম্ভ কৰি প্রতিবিধ খাদ্য সামগ্রীৰেই বজাৰত অভাৱনীয় দাম বৃদ্ধি ঘটিছে৷ সম্প্রতি বজাৰত প্রতি কিলোগ্রাম পিঁয়াজৰ দাম ৭০ টকালৈ বৃদ্ধি পাইছে৷ সেইদৰে প্রতি কিলোগ্রাম আলুৰ দাম হৈছে ৪০ টকা৷ সমান্তৰালভাৱে আন সামগ্রীসমূহৰো দাম বৃদ্ধি পাই আহিছে৷ এই সময়তে যক্ষ্মা, এজমা আদিকে ধৰি বহুকেইটা গুৰুতৰ ৰোগৰ ঔষধৰ দাম ৫০ শতাংশ পর্যন্ত বৃদ্ধি কৰিবলৈ কেন্দ্রীয় চৰকাৰে অনুমতি প্রদান কৰিছে৷ দুদিন পূর্বে প্রতিলিটাৰ পেট্র’লৰ দাম ১.১০ টকালৈ বৃদ্ধি হৈছে৷ এক কথাত ক’বলৈ গ’লে, দাম বৃদ্ধিয়ে মধ্যবিত্ত আৰু দৰিদ্র শ্রেণীৰ লোকসকলক কোঙা কৰি তুলিছে৷ সমান্তৰালভাৱে খৰাং তথা বানৰ পাছত খেতি কৰিব নোৱাৰাৰ বাবে ছন পৰি ৰোৱা মাটিলৈ চাই প্রান্তে প্রান্তে একাংশ খেতিয়কে হা–হুমুনিয়াহ কাঢ়িব লগা হৈছে৷ একেদৰে ৰাজ্যৰ বহু খেতিপথাৰত শূঁৰ পোক তথা অন্যান্য কীট–পতংগৰ আক্রমণত ধান তথা অন্যান্য শাক–পাচলিৰ খেতি ক্ষতিগ্রস্ত হৈছে৷ আনকি বহু স্থানত কাতি বিহুৰ সন্ধিয়া এগছি বন্তি জ্বলাবলৈও অপাৰগ হৈছে খেতিয়ক৷ তৎসত্ত্বেও চহা অসমীয়াই চোতালত থকা তুলসীৰ তলত এগছি বন্তি জ্বলাই হ’লেও সুখ–সমৃদ্ধিৰ বাবে নেদেখাজনৰ ওচৰত প্রার্থনা জনাব৷

You might also like