নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি প্রাণৰ শিল্পী সুধাকণ্ঠৰ ৯৭সংখ্যক ওপজা দিন

ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : আজি চিৰবৰেণ্য শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭সংখ্যক ওপজা দিন৷ অসমীয়াৰ প্রাণৰ আপোন শিল্পীগৰাকীলৈ ওপজা দিনত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হৈছে৷ সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত হ’ব উদ্দীপনা শীর্ষক এক বিশেষ কার্যসূচী৷ দীঘলীপুখুৰী পাৰৰ ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিস্থলীত সন্ধিয়া ৬ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ মহাবিদ্যালয়সমূহৰ শ্রেষ্ঠ কণ্ঠশিল্পীসকলে উদ্দীপনা শীর্ষক অনুষ্ঠানত অংশগ্রহণ কৰি ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব৷ তদুপৰি জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিস্থলীতো ওপজা দিন উপলক্ষে দিনজোৰা কার্যসূচীৰ আয়োজন কৰিছে৷ ইফালে, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে প্রতি বছৰৰ দৰে এইবাৰো সুধাকণ্ঠৰ জন্মদিন সমন্বয় দিৱস হিচাপে উদযাপন কৰিব৷ গোলাঘাট জিলাৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া কার্যসূচীত ৰাজ্যৰ প্রতিথযশা শিল্পী–সাহিত্যিকসকল উপস্থিত থাকিব ৷ সমান্তৰালভাৱে ৰাজ্যৰ আন প্রান্ততো মৰমৰ শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাবলৈ কার্যসূচীৰ আয়োজন কৰা হৈছে৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে ভূপেন্দ্র সংগীত প্রতিযোগিতাৰো৷ একপ্রকাৰ আজি সুধাকণ্ঠৰ গীত–মাতেৰে ৰাজ্যৰ আকাশ–বতাহ মুখৰিত হৈ পৰিব৷ ‘ভূপেন হাজৰিকা প্রকল্প’ৰ তৃতীয়খন গ্রন্থ আজি অৰুণাচলৰ পাছিঘাটত মুকলি কৰা হ’ব৷ অৰুণাচল–অসমৰ কেইবাগৰাকীও শিল্পী–সাহিত্যিকৰ উপস্থিতিত গ্রন্থখন উন্মোচন কৰা হ’ব৷ উৎপল মেনাই সম্পাদনা কৰা গ্রন্থখন উন্মোচন অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ পৰিচালনা–সংগীতেৰে নির্মাণ কৰা অৰুণাচলৰ প্রথমখন চিনেমা ‘মেৰা ধৰম মেৰী মা’ৰ অভিনেতা ঝোৰাম টানজিং, অভিনেত্রী ড০ বেনজিয়া মালা, সুলেখক কালিং বোৰাচেং উপস্থিত থাকিব৷

You might also like