🔹 ২০১৪ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থীৰ গুলীত প্ৰাণ দিছিল ৮০ নিৰীহ আদিবাসীয়ে
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : আজি আদিবাসীসকলৰ বাবে এটা ক’লা দিন ৷ এই দিনটোৰ কথা মনত পৰিলে আজিও উচুপি উঠে আদিবাসীসকল ৷ ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ দিনটোতে তদানীন্তন বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ সংবিজিত গোটৰ সদস্যৰ নিৰ্বিচাৰ গুলীচালনাত ৰাজ্যৰ ভিন্ন প্ৰান্তত নিহত হৈছিল ৮০জনতকৈ অধিক নিৰীহ আদিবাসী লোক ৷ তথাকথিত স্বাধীনতাৰ দাবীত সংগঠনটোৱে একেদিনাই নামনি অসমৰ কোকৰাঝাৰৰ লুংচুং, ওদালগুৰি, ঢেকীয়াজুলি, বাতাচীপুৰত প্ৰাণ লৈছিল এইসকল নিৰীহ আদিবাসীৰ ৷ সেই দিনটোৰ কথা সুঁৱৰি আজিও উচুপি উঠে আদিবাসীসকলে ৷ এই নৃশংস ঘটনাই আজি ৯টা বছৰ অতিক্ৰম কৰিলে ৷ বিগত ৯ বছৰত ৰাজ্যৰ সমাজ জীৱনত বহু উত্থান-পতন হ’ল ৷ বহু হত্যাকাৰী আজি চৰকাৰৰ বৰঘৰত ৷ কিন্তু আজিও ভুক্তভোগীৰ পৰিয়ালে চকুপানী টুকি সময় পাৰ কৰিছে ৷ সুদীৰ্ঘ ৯ বছৰ পাছতো ন্যায় নাপালে নৃশংসতাৰ বলি হোৱা ৮২জনকৈ নিৰীহ আদিবাসীৰ পৰিয়ালে ৷ চৰকাৰ সলনি হ’ল, কিন্তু আজিলৈ ন্যায় নাপালে ভুক্তভোগী ৮২জন নিৰীহৰ পৰিয়ালৰ লোকে ৷ সেয়ে ভুক্তভোগী পৰিয়ালৰ ন্যায়ৰ দাবী জনায় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰাতাপ সিং গোড়ে ৷
প্ৰেৰক পৱন নাথ