নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জেচমিন আৰা আহমেদৰ জন্মদিন

টোকাঃ প্রতিভাশালিনী তৰুণী জেচমিন আৰা আহমেদ যোৱা সুদীর্ঘ ১০ বছৰ ধৰি শয্যাগতা হৈ আছে৷ বাকী গোটেই জীৱন তেওঁ শয্যাগতা হৈয়ে থাকিব লাগিব, কাৰণ তেওঁ মটৰ নিউৰন নামৰ এটা দুৰাৰোগ্য ৰোগত আক্রান্ত৷ এই ৰোগটোক বিশ্ববিখ্যাত কৰি তুলিছিল কুৰি শতিকাৰ শীর্ষস্থানীয় বিজ্ঞানী ষ্টিফেন হকিঙে৷ কাৰণ তেৱোঁ আক্রান্ত হৈছিল একেটা ৰোগতে৷ জেচমিনে বিছনাত শুই শুয়ে শ্রুতলিপি দি কেইবাখনো কিতাপ লিখিছে৷ সেইবোৰৰে এখন কিতাপৰ কাৰণে তেওঁ এক লাখ টকা মূল্যৰ ‘দেবছনছ বঁটা’ লাভ কৰিছে (এই বঁটাটো প্রৱর্তন কৰিছে মঙলদৈৰ বিখ্যাত চিকিৎসক আৰু লেখক ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱে)৷ জেচমিনে শেহতীয়াকৈ লিখা এখন কিতাপ তেওঁৰ জন্মদিনত তেওঁৰ হাউলী মোহনপুৰৰ ঘৰত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব৷ ২০১১ চনৰ পহিলা জানুৱাৰীত মই ‘আমাৰ অসম’ৰ প্রথম কলমত জেচমিনলৈ এখন চিঠি লিখিছিলোঁ– ‘জেচমিন আৰা আহমেদলৈ নতুন বছৰৰ প্রীতি–সম্ভাষণ৷’ আজি তেওঁৰ জন্মদিন উপলক্ষে সেই চিঠিখন তলত পুনৰ মুদ্রিত কৰা হ’ল৷ এই চিঠিখনেই হ’ল জেচমিনলৈ মোৰ জন্মদিনৰ উপহাৰ আৰু আশীর্বাদ)৷
জেচমিন আৰা আহমেদলৈ নতুন বছৰৰ প্রীতি–সম্ভাষণ
মৰমৰ জেচমিন,
তুমি মোৰ নতুন বছৰৰ শুভেচ্ছা আৰু প্রীতি–সম্ভাষণ গ্রহণ কৰিবা৷
বহুত মানুহে নতুন বছৰৰ প্রথম দিনটোত এটা নতুন সংকল্প গ্রহণ কৰে৷ তুমি কি নতুন সংকল্প গ্রহণ কৰিবা, সেই কথা মই অনুমান বা কল্পনা কৰিব নোৱাৰোঁ৷ কিন্তু মই তোমাক অনুৰোধ কৰিছোঁ চন্দ্রকুমাৰ আগৰৱালাই তেওঁৰ এটা অমৰ কবিতাত আমাৰ সকলোৰে কাৰণে লিখি থৈ যোৱা এই মন্ত্রসম সংকল্পটো গ্রহণ কৰিবলৈঃ
হে নিয়তি তই যদিও দুখৰ
পিহনি–শিলত থৈ ভাঙিলি মোৰ জীৱন–শস্য
চূর্ণ–বিচূর্ণকৈ
বাৰু চাবি মোৰ চকুলোৰে তাকে
সানি–পুটকি লৈ
বান্ধিম আশাৰ পিঠা–পনা লাড়ু
ভুঞ্জি নিচুকিব ঐ
সহস্র হূদয়, যালৈ নেমেলে
পথাৰৰ শস্যয়ো থোক,
তিতিকি কেঁতুৰি বন খাৰধিও
মিলক বা নিমিলক৷
হে নিয়তি তই
যদিও দুখৰ জ্বলন্ত কুণ্ডত
ফুটন্ত জীৱন মোৰ
ভস্ম কৰিলি ধূলি উৰুৱালি
গচকি পেলালি ওৰ…
জেচমিন, মই তোমাক কেনেকৈ চিনি পালোঁ সেই কথা মই ‘আমাৰ অসম’ৰ পাঠকসকলকো জনাব খোজোঁ৷ প্রায় এসপ্তাহমানৰ আগতে এদিন সন্ধিয়া (কবি) নীলিম কুমাৰে টেলিফোন কৰি মোক জনালে যে মঙলদৈৰ এগৰাকী যুৱতীয়ে মোৰ ম’বাইল ফোনৰ নম্বৰটো বিচাৰিছে, কাৰণ তেওঁ মোৰ লগত কথা পাতিবলৈ ইচ্ছা কৰিছে৷ নীলিম কুমাৰে লগতে এই কথাও মোক ক’লে যে মঙলদৈৰ সেই যুৱতীগৰাকী এনে এটা দুৰাৰোগ্য স্নায়ৱিক ৰোগত আক্রান্ত হৈছে– যিটো ৰোগত দীর্ঘকাল ধৰি আক্রান্ত বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হকিং
সেইদিনা ৰাতি মই তোমাৰ কথা ভাবি ভালকৈ শুব নোৱাৰিলোঁ৷ বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন হকিঙৰ যত্ন ল’বলৈ আছে সমগ্র দুনিয়াৰ মানুহ আৰু যিমান লাগে সিমান ধন৷ তোমাৰ যত্ন ল’বলৈ কোন আছে? তোমাৰ পিতৃ–মাতৃ আৰু নিকটতম আত্মীয়–স্বজনৰ অবর্তমানত তোমাৰ কি দশা হ’ব?
বিভিন্ন ধর্মই কল্পনা কৰা ঈশ্বৰ নামৰ সত্তাটোক মই সর্বান্তঃকৰণেৰে ঘৃণা কৰোঁ৷ বিভিন্ন ধর্মৰ শাস্ত্রই তোমাৰ আৰু তোমাৰ নিচিনা লাখ লাখ নিষ্পাপ নিৰপৰাধ মানুহৰ অবর্ণনীয় নৰক–যন্ত্রণাৰ যি ব্যাখ্যাই নকৰক কিয়– মই তাৰ এটা শব্দকো বিশ্বাস নকৰোঁ৷ সেইদিনা গোটেই ৰাতি মই ঈশ্বৰক নির্মম অভিশাপ দিলোঁ৷ ঈশ্বৰক ক’লোঁ– তুমি কেৱল ধনীৰ ঈশ্বৰ, সুখীৰ ঈশ্বৰ, নিৰোগীৰ ঈশ্বৰ৷ দৰিদ্র, দুখী আৰু দুৰাৰোগ্য ৰোগীৰ কাৰণে তুমি থকা বা নথকাৰ কোনো অর্থ নাই৷
লগতে মই অভিশাপ দিলোঁ সকলো ধর্মৰ সেইবোৰ স্বার্থপৰ তথাকথিত ধার্মিক মানুহক– যিবোৰ মানুহে ধর্ম আৰু পুণ্যৰ নামত কোটি কোটি টকা অকাতৰে খৰচ কৰিব পাৰে, কিন্তু একে তেজ–মঙহৰ মানুহৰ নিদাৰুণ দুখ–যন্ত্রণাই মুহূর্তৰ কাৰণেও তেওঁলোকৰ মনত অণুমাত্র সহানুভূতি নজগায়৷
কিন্তু মোৰ অভিশাপে ঈশ্বৰ বা মানুহ কাৰো নোম এডালকো লৰাব নোৱাৰে৷ বিশ্ববিধান এনেকৈয়ে চলি আছে আৰু এনেকৈয়ে চলি থাকিব চিৰকাল৷ ঈশ্বৰ আৰু ঈশ্বৰ–ভীৰুক শাওপাত দি মই কেৱল মোৰ মনৰ পোৰণিটো মাৰিবলৈ চেষ্টা কৰিছিলোঁ৷
জেচমিন, ৩০ ডিচেম্বৰৰ দিনা আমি টেলিফোনত কথা পাতিলোঁ৷ তোমাৰ কোমল মধুৰ মাতষাৰে মোৰ চকু সেমেকাই তুলিলে৷ তোমাৰ ভনী নাজনিনে যেতিয়া টেলিফোনতে মোক ক’লে– ‘আমাৰ বা ইমান ধুনীয়া আছিল’– তেতিয়া মই দ্বিতীয়বাৰৰ কাৰণে ঈশ্বৰক দ্বন্দ্ব যুদ্ধলৈ আহ্বান কৰিলোঁ৷ কিন্তু মোৰ কথা শুনি তুমি আল্লাৰ ওপৰত বিশ্বাস নেহেৰুৱাবা৷ তুমি মোক কৈছিলা যে তুমি আৰবী ভাষা জানা আৰু তুমি কোৰান–ছৰিফ পঢ়িছা৷ কোৰান পঢ়ি থাকিবা৷ বিশ্বাসো শক্তিৰ এটা প্রধান উৎস৷ কিন্তু তোমাৰ দুয়োখন হাত অৱশ আৰু অকামিলা৷ তুমি পঢ়িবৰ কাৰণে কোনোবাই কিতাপখন তোমাৰ চকুৰ আগত দাঙি ধৰিব লাগিব৷ এটা কথাত তুমি ভাগ্যৱতী যে তোমাৰ নিজৰ পৰিয়ালৰ মানুহৰ বাহিৰেও ওচৰ–চুবুৰীয়া সকলো মানুহে তোমাক অতি বেছিকৈ মৰম কৰে৷ মানুহ কিহেৰে জীয়াই থাকে? প্রেমেৰে৷ টলষ্টয়ে তেওঁৰ এটা অমৰ গল্পত এই কথা সুন্দৰকৈ কৈ গৈছে৷ মানুহৰ প্রেমেই তোমাক দিব তোমাৰ জীৱনৰ সঞ্জীৱনী–সুধা৷
আৰু তোমাক মই উপদেশ দিছিলোঁ লিখিবলৈ৷ সিদিনা মই বালগংগাধৰ (লোকমান্য) তিলকৰ গীতাভাষ্যৰ কোনোবা এঠাইত পঢ়িবলৈ পালোঁ যে দুখৰ কথা চিন্তা নকৰাকৈ থকাটো হ’ল দুখক জয় কৰাৰ এটা প্রধান উপায়৷ কিন্তু দুখৰ কথা চিন্তা নকৰাকৈ থাকিবলৈ হ’লে তুমি মনটোক কিবা এটা কামত বা চিন্তাত নিবিষ্ট কৰি ৰাখিব লাগিব৷ লিখাৰ বাহিৰে তুমি আন কি কাম কৰিব পাৰা? অৱশ্যে তুমি যিহেতু হাত দুখন ব্যৱহাৰ কৰিব নোৱাৰা, সেই কাৰণে তুমি কাৰোবাক শ্রুতলিপি দিব লাগিব৷ নাজনিনে টেলিফোনতে মোক কথা দিছে যে তেওঁ আনন্দ মনেৰে তোমাৰ শ্রুতলিপি ল’ব৷ তুমি কি লিখিবা বা লিখিব পাৰিবা, সেই বিষয়ে এদিন তোমাৰ লগত আলোচনা কৰিম৷ মই যিমান পাৰোঁ সোনকালে এদিন তোমাক চাবলৈ যাম৷ মোৰ লগত ডাঃ অঞ্জনজ্যোতি চৌধুৰীও যাব৷ তেওঁ এজন অতি মৰমিয়াল মহানুভৱ মানুহ৷
জেচমিন, আজিলৈ চিঠিখন ইমানতে শেষ কৰোঁ৷ শৰীৰতকৈ আত্মা ডাঙৰ৷ আত্মাৰ সংজ্ঞা মই নাজানো৷ কিন্তু মানুহে যেতিয়া কয়– ‘মোৰ শৰীৰ’ তেতিয়া বুজা যায় যে শৰীৰৰ অধিকাৰী বেলেগ কিবা এটা সত্তা আছে৷ তাকেই মই আত্মা বুলি ধৰি লওঁ৷ অৱশ্যে সেই আত্মা অমৰ বুলি ভাবিব পৰাকৈ বিশ্বাসৰ জোৰ মোৰ এতিয়াও হোৱা নাই৷ সি যি কি নহওক, তুমি আত্মাৰ শক্তিৰে শৰীৰৰ যন্ত্রণাক জয় কৰিব লাগিব৷Triumph of spirit over the flesh. মানুহৰ ইতিহাসত এনে অজস্র উদাহৰণ আছে৷ মই মাজে মাজে তোমাক তেনেকুৱা কাহিনী ক’ম৷ তোমাৰ যিটো ৰোগ হৈছে, সেই ৰোগটো হৈছিল বিখ্যাত বাঙালী লেখক আবু সৈয়দ আয়ুবৰ৷ তেওঁ কৈছিল– ‘মোৰ ৰোগটো অতি সুন্দৰ৷ শৰীৰটো যিমানেই ধ্বংসপ্রাপ্ত হৈ গৈ থাকে, সিমানেই বাঢ়ি গৈ থাকে মগজুৰ শক্তি’ সেই শক্তিৰে তেওঁ চিৰশয্যাশায়ী হৈও কেইবাখনো অতি মূল্যৱান কিতাপ লিখিছিল৷ তোমাৰো মগজ ক্রমে ক্রমে প্রখৰ আৰু উজ্জ্বল হৈ গৈ থাকিব৷ তুমি শৰীৰৰ যন্ত্রণাক জয় কৰি আত্মাৰ শক্তিৰে জীৱনৰ বন্দনা কৰিবা, জীৱনৰ জয়গান গাবা৷ মই তোমাক অন্তৰ উজাৰ কৰি আশীর্বাদ দিছোঁ৷

You might also like