নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২০ জুলাই : জানক দিনটোৰ ৰাশিফল

শাওণ মাহৰ ৪ তাৰিখ
শনিবাৰ : তিথি– শুক্লা চতুর্দশী নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষঃ ব্যৱসায়ীসকল লাভৱান হ’ব৷ মাতৃৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ শিক্ষক, উকীল আদিৰ মধ্যম৷ ভ্রমণত সাৱধান হওক৷ প্রেমত শুভ সংযোগ৷

বৃষঃ আর্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব৷ নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব৷ অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব৷ দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা৷

মিথুনঃ ওচৰ–চুবুৰীয়াৰ লগত কিবা আহুকাল পাব৷ কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷

কর্কটঃ কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা৷ অংশীদাৰী কর্মত মিশ্রিত ফল লাভ কৰিব৷ বিবাহৰ যোগাযোগত শুভ৷ ভ্রমণত অর্থহানিৰ যোগ৷

সিংহঃ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি৷ বন্ধুৰ পৰা সতর্ক হ’ব৷ দাম্পত্যত শুভ৷ কর্মসূত্রে ভ্রমণ যোগ৷

কন্যাঃ খৰচৰ ক্ষেত্রত সতর্ক থাকিব৷ নিবনুৱাৰ বাবে মধ্যম দিন৷ মাতা–পিতাৰ স্বাস্থ্য ভালে নাযাব৷ প্রেমত নতুন সমস্যা দেখা দিব পাৰে৷

তুলাঃ উচ্চ শিক্ষার্থীৰ বাবে শুভ সংযোগ৷ দেহ কষ্টৰ উপশম পাব৷ প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷

বৃশ্চিকঃ নিবনুৱা ব্যক্তিৰ কর্মপ্রাপ্তিত বাধা আহিব পাৰে৷ আর্থিক দিশত শুভ৷ দাম্পত্য জীৱন মধ্যমীয়া৷ বিদ্যাত জটিলতা কম৷

ধনুঃ পাৰিবাৰিক দিশত চিন্তা থাকিব৷ নতুন সম্পদ ক্রয় কৰিব পাৰে৷ ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈক্য হ’ব পাৰে৷ প্রেমত মতবিৰোধ৷

মকৰঃ ওচৰ–চুবুৰীয়াৰ লগত মানসিক সংঘাত৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব৷ প্রেমত মধ্যম৷ বিবাহৰ যোগাযোগত শুভ৷

কুম্ভঃ পুৱাৰ ভাগত অনুকূল৷ সৰু–সুৰা সমস্যাত বিব্রত বোধ কৰিব৷ আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত৷

মীনঃ মানসিক চাপ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লওক৷ শৰীৰ সম্পর্কীয় কথাত সাৱধান হোৱা উচিত৷ শিল্প–সংস্কৃতিত সুনাম৷

You might also like