নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২৬ জুলাই : জানক দিনটোৰ ৰাশিফল

শাওণ মাহৰ ১০ তাৰিখ
শুকুৰবাৰঃ তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্রঃ উত্তৰভাদ্রপদ, যাত্রাঃ নাই

মেষঃ ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱাবেলা কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ বর্ণ বগা, শুভ সংখ্যা ৬৷

বৃষঃ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ বর্ণ নীলা, শুভ সংখ্যা ৪৷

মিথুনঃ ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বেয়া নহয়৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং, শুভ সংখ্যা ১৷

কর্কটঃ ব্যৱসায়ত লাভৰ সংযোগ৷ প্রাপ্য ধন পোৱাৰ সম্ভাৱনা৷ যাত্রা দিনৰ দহ বজাৰ পিছত কৰিব৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ বর্ণ পাতল সেউজীয়া, শুভ সংখ্যা ২৷

সিংহঃ অনুকূল দিন৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব৷ আজি ৰঙা আপোনাৰ শুভ ৰং৷ শুভ সংখ্যা ৩৷

কন্যাঃ ঘৰুৱা সমস্যা বৃদ্ধি পাব৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ বর্ণ গুলপীয়া৷ শুভ কর্মত আগবাঢ়িব পাৰে৷ যাত্রা শুভ৷ শুভ সংখ্যা ৯৷

তুলাঃ শৰীৰ ভালেৰে যোৱা টান৷ আর্থিকত বেয়া নহয়৷ কর্মক্ষেত্রত যোগ্যতা থাকিব৷ আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

বৃশ্চিকঃ শুভ সংকেত৷ বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰাতি নিৰামিষ আহাৰ খাব৷ কমলা আপোনাৰ শুভ বর্ণ৷ শুভ সংখ্যা ৭৷

ধনুঃ আর্থিকপ্রাপ্তি থাকিলেও খৰচ নকমিব৷ ৰাজহুৱা কামত যোগাযোগ৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ বর্ণ মেৰুণ৷ পৰাপক্ষত যাত্রা নকৰিব৷ শুভ সংখ্যা ২৷

মকৰঃ ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক উন্নত নহ’ব৷ সন্তানৰ চিন্তা থাকিব৷ আজি আপুনি ক’লা ৰঙৰ কাপোৰ পিন্ধিব৷ ক’লা আপোনাৰ শুভ৷ শুভ সংখ্যা ৩৷

কুম্ভঃ ঘৰুৱা পৰিৱেশ মজলীয়া৷ আর্থিক লেনদেনত সাৱধান হওক৷ শুভ কর্ম কৰিব পাৰে৷ শুভ বর্ণ ক্রীম৷ ভ্রমণৰ সময়ত এই ৰঙৰ ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৮৷

মীনঃ ব্যৱহাৰিক দিশত শান্তি থাকিব৷ পঢ়া–শুনাত শুভ৷ কর্মক্ষেত্রত খ্যাতি লভিব৷ আপোনাৰ শুভ বর্ণ হালধীয়া৷ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ১৷

You might also like