নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৬ জুলাই : জানক দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ২১ তাৰিখ
শনিবাৰঃ তিথি– শুক্লা প্রতিপদ, নক্ষত্রঃ পুনর্বসু, যাত্রাঃ নাই

মেষঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷

বৃষঃ গুৰুস্থানীয় ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়যোগে আর্থিক দিশত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মিথুনঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভ, আনন্দৰ কাৰকতা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৪৷

কর্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

সিংহঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

কন্যাঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

তুলাঃ আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধু ভাব দুর্বল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

বৃশ্চিকঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ১৷

ধনুঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

মকৰঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ বিদ্যাত শুভাশুভ ফল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

কুম্ভঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৫৷

মীনঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ২৷

You might also like