আজি ৯ জুলাই : জানক দিনটোৰ ৰাশিফল
আহাৰ মাহৰ ২৪ তাৰিখ
মঙলবাৰঃ তিথি– শুক্লা চতুর্থী, নক্ষত্রঃ শ্লেষা, যাত্রাঃ শুভ
মেষঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোতে সতর্ক হোৱা উচিত ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম ল’ব৷ যাত্রাৰ বাবে দিনটো শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
মিথুনঃ ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ যাত্রা দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷
কর্কটঃ আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ কর্মত সফলতা লাভ কৰিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
সিংহঃ সমাজত হেয় হ’ব পাৰে৷ আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২৷
কন্যাঃ কর্মক্ষেত্রত শুভ৷ পাতল হালধীয়া বা ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব৷ সন্ধিয়া ৫ বজাৰ পিছত যাত্রা নকৰিব৷ প্রেমত বাধা আহিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
তুলাঃ যাত্রা সাৱধানে কৰিব৷ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
বৃশ্চিকঃ অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব৷ যাত্রা কৰিব পাৰে৷ সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
ধনুঃ ব্যৱসায়–বাণিজ্য মধ্য গতিত চলিব৷ যাত্রা পুৱা ১০ বজাৰ পিছত কৰিব৷ ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ৷ প্রেমত সন্দেহ ভাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
মকৰঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে৷ হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব৷ যাত্রাৰ বাবে শুভ দিন৷ প্রেমত সফলতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
কুম্ভঃ অংশীদাৰী ব্যৱসায়ত উন্নতি৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ গতিকে চাই–চিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
মীনঃ ধনাগম বৃদ্ধি পাব৷ ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷