নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১৩ জুন : জানক দিনটোৰ ৰাশিফল

আজি ১৩ জুন, জেঠ মাহৰ ৩০ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– শুক্লা সপ্তমী, নক্ষত্রঃ পূর্বফাল্গুনী, যাত্রাঃ শুভ

মেষঃ স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ অর্শজাতীয় ৰোগক লৈ চিন্তা হ’ব পাৰে৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৪৷

বৃষঃ ব্যৱসায়ৰ দিশত লাভৱান হ’ব পাৰে৷ প্রেমৰ দিশত অশান্তি হ’ব পাৰে৷ ঘৰত খৰচ বৃদ্ধিৰ বাবে স্ত্রীৰ লগত বিবাদ হ’ব পাৰে৷ অতিথি আহিব পাৰে৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷

মিথুনঃ সন্তানৰ বাবে চিন্তা বৃদ্ধি৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি শুভ দিন৷ প্রেমৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ কর্মস্থানত কাম বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

কর্কটঃ সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে৷ মানসিকভাৱে যন্ত্রণা হ’ব পাৰে৷ স্বামী–স্ত্রীৰ মাজত বিবাদ হ’ব পাৰে৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৬৷

সিংহঃ চাকৰিৰ স্থানত উন্নতিৰ সুযোগ দেখা যায়৷ প্রেমৰ দিশত শান্তি লাভ কৰিব৷ বন্ধুৰ বাবে কামত মনোযোগ বৃদ্ধি৷ অগ্ণিৰ পৰা সাৱধানে থাকক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কন্যাঃ আপোনাৰ কর্মফলত ব্যৱসায়ৰ উন্নতিৰ যোগ৷ যান–বাহন চলোৱা লোকসকলে আজিৰ দিনটো সাৱধানে থাকক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷

তুলাঃ সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব৷ প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে৷ আর্থিক দিশত অশান্তি হোৱাৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷

বৃশ্চিকঃ বন্ধুৰ বেয়া খবৰ ঘৰলৈ আহিব পাৰে৷ প্রিয়জনৰ ব্যৱহাৰে আজি আপোনাক মনত আঘাত দিব পাৰে৷ সমাজৰ কামৰ দায়িত্ব বাঢ়িব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

ধনুঃ গোটেই দিনটো কামৰ মাজেৰে পাৰ হৈ যাব৷ ব্যৱসায়ৰ দিশত উন্নতি হ’ব পাৰে৷ উচ্চ শিক্ষাৰ শুভফল৷ ভ্রমণৰ দিশত বাধা দেখা যায়৷ শুভ ৰং ছাই ৰং৷ শুভ সংখ্যা ৫৷

মকৰঃ আর্থিক দিশত অশান্তি হ’ব পাৰে৷ পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ অতিৰিক্ত খঙৰ বাবে ব্যৱসায়ৰ দিশত সমস্যা হ’ব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

কুম্ভঃ ব্যৱসায়ৰ ক্ষেত্রত শুভফল৷ যুক্তিপূর্ণ কথাত সুনাম বাঢ়িব পাৰে৷ সংগীতৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৪৷

মীনঃ ব্যৱসায়ৰ দিশত অশান্তি হ’ব পাৰে৷ ঘৰুৱা দিশত শান্তি বজাই থাকিব৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো বহু বেছি ভাল নহয়৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৭৷

You might also like