নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১৪ জুন : জানক দিনটোৰ ৰাশিফল

আজি ১৪ জুন, জেঠ মাহৰ ৩১ তাৰিখ
শুকুৰবাৰ : তিথি– শুক্লা অষ্টমী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই

মেষঃ উন্নত পৰিৱেশ৷ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷

বৃষঃ যান–বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধান থাকক৷ বিবাহিত জীৱনৰ শুভ ফল৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ১০৷

মিথুনঃ সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ গৃহ নির্মাণৰ ফলত বাধা দেখা যায়৷ দেহৰ অশান্তি হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধানে থাকক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

কর্কটঃ বিদ্যাত সাফল্য লাভ৷ গৱেষণামূলক কামৰ বিকাশ৷ আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে৷ আর্থিক দিশত ভাল৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

সিংহঃ আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ সফল হ’ব পাৰে৷ পুৰণি অসুখ সাময়িক কষ্টদায়ক হ’ব পাৰে৷ প্রেমত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷

কন্যাঃ স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে৷ পঢ়া–শুনাৰ চেষ্টাৰ প্রতি গুৰুত্ব দিয়ক৷ পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷

তুলাঃ আর্থিক অসুবিধা কিছু পৰিমাণে লাঘৱ হোৱাৰ আশা দেখা যায়৷ কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

বৃশ্চিকঃ কর্মক্ষেত্রত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব৷ আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

ধনুঃ যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিন্তা কৰি ল’ব৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷

মকৰঃ যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰা ভাল হ’ব৷ ভ্রমণৰ দিশত বাধা দেখা যায়৷ দাম্পত্যত অশান্তি৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ২৷

কুম্ভঃ আয় বৃদ্ধিৰ কাৰকতা দেখা যায়৷ কর্মক্ষেত্রত কিছু বাধা আহিব পাৰে৷ দাম্পত্যত শুভ ফল৷ ব্যৱসায়ৰ ক্ষেত্রত অশান্তি হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

মীনঃ আর্থিক দিশৰ মজলীয়া ফল পাব৷ বিদ্যার্থীসকলৰ বাবে শুভ ফল৷ প্রেমত মতবিৰোধ হ’ব পাৰে৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮৷

You might also like