নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২৩ জুন : জানক দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ৮ তাৰিখ
দেওবাৰ :  তিথি– কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ সন্তানৰ শুভ৷

বৃষঃ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷

মিথুনঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক, অন্যথা ক্ষতি হ’ব৷

কর্কটঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷

সিংহঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷

কন্যাঃ শুভ ৰং বগা, শুভ সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলেও সমাধান হ’ব৷ আনৰ পৰা আর্থিক সহায় পাব৷ সন্তানৰ শুভ৷

তুলাঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তি লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷

বৃশ্চিকঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ আনৰ উপদেশত কাম কৰি বিপদত পৰিব পাৰে৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷

ধনুঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷

মকৰঃ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷ পাৰিবাৰিক অন্তর্কলহ বাহিৰ৷ পিছলি পৰি আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷

কুম্ভঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৯৷ ঘৰুৱা সমস্যাই অশান্তি দিব৷ হতাশাই আপোনাৰ ক্ষতি কৰিব৷ যান–বাহন চলোৱাসকল সাৱধান হ’ব৷

মীনঃ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷ অচিন ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ কর্মত বাধা আহিব৷

You might also like