নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২৬ জুন : জানক দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ১১ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা পঞ্চমী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ শুভ

মেষঃ আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ শুভ ৰং ৰঙা৷

বৃষঃ কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং সেউজীয়া৷

মিথুনঃ শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নৱান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তানসম্ভৱা মহিলাসকল সাৱধান থাকিব৷ শুভ ৰং নীলা৷

কর্কটঃ ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷ শুভ ৰং ক’লা৷

সিংহঃ আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং মেৰুন৷

কন্যাঃ দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷

তুলাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ প্রেমত বাধা, ঘৰুৱা শুভ৷ শুভ ৰং সোণালী৷

বৃশ্চিকঃ পুৱাৰ ভাগত মনত উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং কমলা৷

ধনুঃ ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গুলপীয়া৷

মকৰঃ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷ শুভ ৰং বগা৷

কুম্ভঃ দিনৰ ১২ বজাৰ পিছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানক্যৰ সৃষ্টি৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া৷

মীনঃ ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযায়৷ প্রেমত শুভ৷ শুভ ৰং ক’লা৷

You might also like