নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ জিলাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন চৰকাৰ

ৰাজ্যত আক্রান্ত ১,২১৩ মৃত ২০ঃ গোলাঘাটত এবছৰীয়া শিশুৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ আজি প্রকাশ পাব অসম চৰকাৰৰ নতুন এছ অ’ পি৷ গোলাঘাট, যোৰহাটৰ লগতে লখিমপুৰ, শিৱসাগৰ, ডিব্রুগড় জিলাৰ ক’ভিড পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ণ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ আজি প্রকাশ পাবলগীয়া নতুন এছ অ’ পিত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ নহা উক্ত জিলাকেইখনত অধিক কঠোৰ নীতি–নিয়ম বলৱতৰ ইংগিত দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

দেওবাৰে সন্ধিয়া গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শনিবাৰে ৰাজ্যখনত ২,৩০০গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ কালিৰ দিনটোত আক্রান্ত হোৱাসকলৰ ভিতৰত ৬০০গৰাকীয়েই হৈছে গোলাঘাট আৰু যোৰহাট জিলাৰ৷ সেইদৰে লখিমপুৰ, শিৱসাগৰ, ডিব্রুগড় জিলাতো আক্রান্তৰ সংখ্যা কমা নাই৷ গোলাঘাট, যোৰহাটৰ লগতে লখিমপুৰ, শিৱসাগৰ, ডিব্রুগড়তো যদি ক’ভিডত আক্রান্তৰ সংখ্যা কমি আহে, তেতিয়াহে অসমত ক’ভিড নিয়ন্ত্রণলৈ আহিব বুলি ক’ব পাৰি৷ তেতিয়া ৰাজ্যখনত ক’ভিডত আক্রান্তৰ সংখ্যা ১,৫০০ৰ পৰা ১,৪০০লৈ নামি আহিব৷

আজি ৰাজ্য চৰকাৰে প্রকাশ কৰিবলগীয়া নতুন এছ অ’ পিত যিবোৰ জিলাত ক’ভিডৰ সংক্রমণ নিয়ন্ত্রণ কৰিলে অসমত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন হ’ব, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই ভাষ্যৰ পৰা এটাই ইংগিত পোৱা গৈছে– আজি প্রকাশ পাবলগীয়া নতুন এছ অ’ পিত গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ আৰু ডিব্রুগড় জিলাত ক’ভিড নিয়ন্ত্রণৰ বাবে অধিক কঠোৰ নীতি–নিয়ম বলৱতৰ পূর্ণ সম্ভাৱনা আছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলে কালি গোলাঘাটৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱা আৰু পৰিস্থিতি নিয়ন্ত্রণলৈ নহা জিলাসমূহত অধিক মাইক্র’ কণ্টেইনমেণ্ট জ’নৰ সৃষ্টি কৰিব বুলি প্রকাশ কৰে৷
ক’ভিডত নতুনকৈ আক্রান্ত ১,২১৩
ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১,২১৩জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৪০জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ১১৪জন, শোণিতপুৰৰ ৯৬জন আৰু ডিব্রুগড়ৰ ৮৩জন লোক দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫৩,৮৪৮টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ২.২৫ শতাংশ৷ ইফালে আজি ক’ভিডত প্রাণ হেৰুৱাইছে ২০জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত নগাঁও আৰু মৰিগাঁৱৰ তিনিজনকৈ লোক৷ তদুপৰি ডিব্রুগড়ৰ দুজন লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ একে সময়তে বাক্সা–বৰপেটা–বিশ্ব (মঃ)–কামৰূপ–কার্বি আংলং–তিনিচুকীয়াৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ২,৭৭৫জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২২,১৫৫জন লোক৷
গোলাঘাটত এবছৰীয়া শিশুৰ মৃত্যু
ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাত৷ এটা দিনতে জিলাখনত পজিটিভিটীৰ হাৰ ১৮.১ শতাংশ বৃদ্ধি পাইছে৷ আজি জিলাখনত ১১২জন লোক আক্রান্ত হৈছে৷ ইপিনে গোলাঘাটত এটি এবছৰীয়া শিশু ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ তেলগৰমৰ বিষ্ণুপুৰ নিৱাসী মাধুর্য বড়ো নামৰ কণমানি শিশুটিৰ মৃত্যু ঘটিছে বুলি প্রকাশ কৰিছে জিলা স্বাস্থ্য বিভাগে৷ জিলাখনত সংক্রমণৰ হাৰ বৃদ্ধি পোৱা সত্ত্বেও ক’ভিড প্রট’কল বলৱৎ কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্রহণ নকৰাত অসন্তুষ্টি প্রকাশ কৰিছে স্থানীয় লোকসকলে৷

You might also like