নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৬ ছেপ্টেম্বৰ : জানক দিনটোৰ ৰাশিফল

ভাদ মাহৰ ২০ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লা তৃতীয়া, নক্ষত্রঃ হস্তা, যাত্রাঃ শুভ

মেষঃ নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷

বৃষঃ যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ সতি–সন্ততিৰ বাবে বিশেষ দুর্ভাৱনা দেখা নাযায়৷ ভ্রমণত সাৱধান হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷

মিথুনঃ আর্থিক ক্ষেত্রত সাধাৰণ জটিলতা থাকিব৷ বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আকাংক্ষা থাকিব৷ প্রেম–প্রীতিত মধ্যম মনোযোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

কর্কটঃ আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক৷ বিদ্যাত তেনে আহুকাল দেখা নাযায়৷ বন্ধুবর্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷

সিংহঃ যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব৷ কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে৷ সন্তানৰ শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

কন্যাঃ দিনটো প্রায় ভালেৰে পাৰ হ’ব৷ বিদ্যাত কিছু সমস্যা আহিব পাৰে৷ কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক৷ ভ্রমণ সম্ভৱ৷ পিছে সাৱধান হওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

তুলাঃ অশুভ প্রভাৱ হ্রাস পাব৷ বিদ্যার্থীয়ে আদৰ পাব৷ সংবাদত সুখী হ’ব৷ ব্যৱসায়–বাণিজ্যত বেছি লাভৱান নহ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷

বৃশ্চিকঃ মজলীয়া দিন৷ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব৷ বিদ্যার্থীৰ সময়টো খুব বেয়া নহ’ব৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷

ধনুঃ শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হাৱাৰ যোগ৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

মকৰঃ মানসিক দিশত উন্নত দিন৷ বিদ্যাতো মনোযোগ বঢ়াব পাৰিব৷ কিবা প্রাপ্যদি থাকিলে যত্ন কৰক৷ যোগাত্মক ফল পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

কুম্ভঃ সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব৷ নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক৷ আর্থিকত মধ্যম৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ১৷

মীনঃ ঘৰুৱাত বেয়া নহ’ব৷ বিদ্যাত মন দিয়ক৷ শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

You might also like