নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে আজি সমগ্র বিশ্বতে উলহ–মালহেৰে উদ্যাপন কৰিব পৱিত্র বৰদিন৷ বৰদিন উপলক্ষে ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গির্জাসমূহো আলোকসজ্জাৰে সুশোভিত কৰি তুলিছে৷ মহানগৰীৰ ডনবস্ক’ ইউনিভার্ছিটী, ডনবস্ক’ স্কুল, মাদাৰ বৃদ্ধাবাসকে ধৰি বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয়ত বৃহস্পতিবাৰে প্রাক বৰদিন উদয্যাপন কৰে৷ বৰদিনক লৈ মহানগৰীৰ ভিন্ন প্রান্তত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ পাণবজাৰ, খ্রীষ্টানবস্তি, ৰুক্মিণীগাঁও, আদিংগিৰি গাৰোবস্তি, ৰাণীৰ উমশ্রু, গণপতি, আজাৰাৰ ছেইণ্ট ক্লাৰেট স্কুল, ছেইণ্ট ক্লাৰেট কনভেণ্ট স্কুল, ছেইণ্ট যোছেফ স্কুলকে ধৰি কেইবাখনো শিক্ষা প্রতিষ্ঠান চৌহদত থকা গির্জাসমূহ সুন্দৰকৈ সজাই–পৰাই তোলা পৰিলক্ষিত হৈছে৷
বৰদিন উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ গির্জাসমূহত সমূহীয়া উপাসনা আৰু মাজনিশা বিশেষ প্রার্থনা অনুষ্ঠিত হয়৷ আজি পুৱা প্রার্থনা, দুপৰীয়া সমূহীয়া প্রীতিভোজ, সন্ধিয়া আৰু নিশা পুনৰ সমূহীয়া প্রার্থনা অনুষ্ঠিত হ’ব৷ ইফালে, খ্রীষ্টান ধর্মাৱলম্বী লোকসকলৰ পৱিত্র বৰদিন উপলক্ষে ৰাজ্যবাসীলৈ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও পৱিত্র বৰদিন উপলক্ষে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলৰ লগতে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ খ্রীষ্টান ধর্মাৱলম্বী লোকসকললৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে অসম জাতীয় পৰিষদে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি এক প্রেছ বিজ্ঞপ্তিযোগে কয় যে অসম ভূমি সকলো জাতি–জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ পৱিত্র মিলনভূমি৷ সাম্প্রদায়িক ঐক্য অসমবাসী ৰাইজৰ ৰন্ধ্রে ৰন্ধ্রে প্রৱাহিত এক জাতীয় ঐতিহ্যস্বৰূপ৷ যীশুখ্রীষ্টৰ আদর্শ, দয়া, ক্ষমা, মানৱতাবোধৰ দর্শনেৰে মানৱ সেৱাত ব্রতী হ’বলৈ তেওঁ সকলোকে আহ্বান জনায়৷ উল্লেখ্য যে বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড–১৯ৰ বাবে এইবাৰ বৰদিনৰ উছাহ কিছু ম্লান পৰিছে৷ ক’ভিড–১৯ৰ নীতি–নির্দেশনা মানি আমেৰিকা, ফ্রান্স, ইটালী আদি দেশত খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে অনুষ্টুপীয়াকৈ হ’লেও বৰদিন উদ্যাপন কৰিছে৷ আনহাতে, ক’ভিডৰ ভয়াৱহতাৰ বাবে লণ্ডনত এইবাৰ বৰদিনৰ উছাহ নাই যদিও খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে ঘৰতে বৰদিন উদ্যাপন কৰিছে৷ উছাহ সামান্য ম্লান পৰিলেও অসমতো ক’ভিড–১৯ জয় কৰি উলহ–মালহেৰে বৰদিনৰ প্রস্তুতি চলিছে৷