নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বৰদলৈ ট্রফীৰ ফাইনেল : সমুখসমৰত নর্থ-ইষ্ট বনাম ৰে’লৱে

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাৰ ৭০সংখ্যক সংস্কৰণৰ আজি অনুষ্ঠিত হ’ব খিতাপ যুঁজৰ মেচ৷ আজি বিয়লি ৩.৩০ বজাত গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখনত নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে এন এফ ৰে’লৱেৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ গুৱাহাটী ক্রীড়া সন্থাই অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু বিভিন্ন জিলা ক্রীড়া সংস্থাৰ সহযোগত প্রথমবাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত অনুষ্ঠিত প্রতিযোগিতাখনৰ আজি সামৰণি পৰিব৷ তিনিটা ফর্মেটৰ আর্হিত গঠন কৰা এইবাৰৰ প্রতিযোগিতাখনত ২৮০টাতকৈ অধিক ক্লাবৰ হৈ ৮৪০০ৰো খেলুৱৈয়ে অংশগ্রহণ কৰি নৱীকৃত শক্তিৰ সাক্ষী হৈ ৰ’ল৷ এই অভূতপূর্ব সঁহাৰিয়ে অসমৰ ফুটবলত প্রতিযোগিতাখনৰ তাৎপর্য প্রতিফলিত কৰিছে৷ আজি খিতাপ যুঁজৰ মেচখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ইফালে বিশেষ অতিথি হিচাপে উপস্থিত থাকিব ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছা৷ আনহাতে উপস্থিত থাকিবলগীয়া আন আন সন্মানীয় অতিথিসকলৰ ভিতৰত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, এন এফ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্রীবাস্তৱ, ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক (স্থানীয় মুখ্য কার্যালয়, গুৱাহাটী চক্র) এছ ৰাধাকৃষ্ণণ, সপ্তম বিত্ত আয়োগৰ অধ্যক্ষ তথা অৱসৰপ্রাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, অসম ফুটবল সন্থাৰ সম্পাদক সাংৰাং ব্রহ্ম, বলীন বৰদলৈ আৰু নর্থ–ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য কার্যবাহী বিষয়া মন্দৰ তামহানে৷

You might also like