ড০ গীতালি শইকীয়া
কিছুমান কথাই জীৱনটোকে সলাই পেলায়৷ কথাবোৰে কেতিয়াবা কাৰোবাক প্রাপ্তিৰ শিখৰত আৰোহণ কৰাব পাৰে আৰু কিছুমান কথাই কাৰোবাক জীৱনজোৰা যন্ত্রণাত পিষ্ট কৰিব পাৰে৷ কথাত কথা বাঢ়ে, কথাত লেঠা লাগে৷ কিশোৰী আইভিৰ বিষয়েও মই শুনা কথাবোৰৰ পৰাই গম পাইছোঁ, তাই আৰু তাইৰ পৰিয়ালৰ সদস্যসকল এতিয়া দুর্ঘোৰ সংকটত৷ বাঢ়ি যোৱা কথাবোৰৰ সমান্তৰালকৈ বাঢ়ি গৈছে আইভিৰ মানসিক যন্ত্রণা৷
আইভি নৱম শ্রেণীৰ ছাত্রী৷ বয়ঃসন্ধিৰ অতি ঠুনুকা সময়ত এতিয়া তাই৷ চঞ্চল, প্রাণৱন্ত ছোৱালীজনীক লৈ মাক–দেউতাকে বৰ বেছি চিন্তা নকৰে৷ পঢ়া–শুনা, খেল–ধেমালি সকলোতে আগৰণুৱা তাই৷ অভাৱো নথকা–ভঁৰালো নথকা পৰিয়ালটোৰ আশা আৰু সপোন কেন্দ্রীভূত আইভি আৰু তাইৰ ভনীয়েকক লৈয়ে৷ অৱশ্যে পূর্বৰ তুলনাত আইভিয়ে স্মার্ট ফোনটোৰ লগত অধিক সময় অতিবাহিত কৰা কথাটোৱে মাজে মাজে ঘৰখনত তিক্ত পৰিৱেশ সৃষ্টি নকৰাও নহয়৷ দেউতাকে টানকৈ কিবা এটা ক’লেও মাকজনীয়ে দেউতাককহে বুজায়৷ ম’বাইলটো নহ’লে বোলে তাইৰ বহুত অসুবিধা হয়৷ লগৰ ছোৱালীৰ লগত পঢ়াৰ বিষয়ে আলোচনাকে ধৰি নানা প্রয়োজনীয় কথাৰ বাবে ম’বাইলটো তাইক লাগে৷ পৰিয়ালটোৰ বাবে উপার্জনৰ সমস্ত বোজা অহৰহ মূৰত লৈ থকা আইভিৰ দেউতাকে জীয়েকৰ ম’বাইল আসক্তিৰ কথা ভাবিবলৈ সিমানতে এৰে৷ মনতে ভাবে মাকে ঠিকেই কৈছে৷ কিন্তু, আইভিৰ মাকৰ তাইৰ ওপৰত থকা বিশ্বাস ভাগি গ’ল বৰ বেয়াকৈ সেইদিনা, যিদিনা আইভিৰ নগ্ণ দেহৰ ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল৷ আইভি, ভনীয়েক আৰু সিহঁতৰ দেউতাকক কামে কামে পঠিয়াই মাকে ঘৰুৱা অন্যান্য কামবোৰত হাত দিছিল৷ তেনেতেই সম্বন্ধীয় ভতিজাক মানস ফোঁপাই–জোপাই আহি বাৰাণ্ডাৰ পৰাই আইভিৰ মাকক চিঞৰিবলৈ ধৰিলে৷ মানসৰ অস্বাভাৱিক চিঞৰত আইভিৰ মাকে বিপদৰ গোন্ধ যেন পাইছিলেই৷ মানসে আইভিৰ মাকক দেখুৱালে তেওঁ কোনোদিনে কল্পনা নকৰা সেই ভিডি’, তেওঁ কেঁচুৱা বুলি ভাবি থকা আইভিৰ নগ্ণ ভিডি’৷ নিজৰ চকুকে বিশ্বাস কৰিব নোৱৰা হ’ল তেওঁ৷ তেওঁৰ ভৰিৰ তলৰ মাটি যেন মুহূর্ততে নোহোৱা হ’ল৷ ঠাইতে বহি পৰিল মানুহগৰাকী৷ কি এক ভয়ংকৰ বিপদে তেওঁৰ কন্যাক গ্রাস কৰিব খুজিছে সেয়া তেওঁ বুজি পালে৷ অর্ধশিক্ষিত মহিলাগৰাকীয়ে ভার্চুৱেল পৃথিৱীখনৰ একো তলা–নলা বুজি নাপায়৷ জীয়েকৰ মুখতহে শুনে হোৱাটছএপ, ফেচবুকৰ কথা৷ সংজ্ঞাহীন হোৱাৰ উপক্রম হ’ল তেওঁ৷ আইভিৰ দেউতাকলৈ কান্দি কান্দি ফোন কৰিলে তেওঁ৷ মানুহজন ঘৰ পোৱাৰ পিছত আৰম্ভ হ’ল দুয়োৰে মাজত কাজিয়া৷ দেউতাকে সকলো দোষ আইভিৰ মাককে দিলে৷ ঘৰতে থকা মাকজনীয়ে জীয়েকহঁতে কি কৰিছে, ক’লৈ গৈছে কোনো খবৰ নৰখাৰ অভিযোগত অভিযুক্ত হ’ল৷ ইতিমধ্যে বহুতৰে ম’বাইলে ম’বাইলে বিয়পি গ’ল আইভিৰ নগ্ণ দেহৰ ভিডি’৷ বিদ্যালয়ৰ পৰা আহিয়ে আনদিনাৰ দৰে পদূলিমুখৰ পৰাই মাকক চিঞৰি চিঞৰি সোমাই আহিল আইভি৷ কিন্তু আদৰেৰে আন দিনাৰ দৰে পানী অথবা চর্বত এগিলাচ আগবঢ়াই দিয়াৰ পৰিৱর্তে ভিতৰৰ পৰা ৰুদ্র মূর্তি ধৰি ওলাই অহা মাকে তাইৰ চুলিকোছাত খামোচ মাৰি ধৰি চিঞৰিবলৈ ধৰিলে৷ তেওঁৰ চিঞৰবোৰ কান্দোনৰ দৰেহে ওলাইছিল– ‘কি অভাৱ পাইছিলি তই, ইমান আৱৰি ৰাখিছিলোঁ, এতিয়া দেহাটো গোটেই সংসাৰক দেখুৱালি যে৷ কি হ’ব গম পাৱনে? নিজেতো মৰিবিয়েই, আমিও জীয়াই থাকিব নোৱাৰিম৷’ আইভি নিৰুত্তৰ৷ তাই বুজি পালে, দুদিনৰ আগতে তাইৰ দূৰ সম্পর্কীয় মামাকে ম’বাইলেৰে কৰা ভিডি’টোৰ কথা মাকে জানিলে৷ মানস তেতিয়াও সিহঁতৰ ঘৰতেই আছিল৷ মাকৰ হাতৰ পৰা আইভিক এৰুৱাই আনি সিও বাৰম্বাৰ সুধিলে তাইৰ তেনে ভিডি’ কোনে কৰিলে? বিশ্ববিদ্যালয়ৰ ছাত্র মানসে বুজিছিল, তাৰ ভনীয়েক কোনো চিনাকি ব্যক্তিৰে চক্রান্তৰ বলি হৈছে৷ মানস আৰু মাক–দেউতাকে আইভিৰ মুখৰ পৰা অৱশেষত অভিযুক্তৰ বিষয়ে জানিব পাৰিলে৷ মাকৰ দূৰ সম্পর্কীয় ভায়েকজন প্রায়েই আইভিহঁতৰ ঘৰলৈ আহে৷ আইভিৰ বাবে তাই ভালপোৱা চকলেট, মিঠাই আদিৰ বাহিৰেও কেতিয়াবা বজাৰৰ নতুন ডিজাইনৰ ক্লিপ, বেন আদিও আনে৷ যৌৱনৰ দুৱাৰডলিত ভৰি দিয়া মোমায়েকে ভাল পোৱাৰ প্রস্তাৱো দিলে তাইক৷ প্রেমৰ অর্থ বুজাৰ বয়সতো তাইৰ হোৱাই নাছিল৷ কিন্তু মামাকৰ কপট মৰমক তাই প্রেম বুলি ভুল কৰিলে৷ কোম্পানীৰ নিম্নবর্গৰ কর্মচাৰী দেউতাকে দিব নোৱৰা খাৰু, ফুলি, মিঠাই তাই মোমায়েকৰ পৰাই পায়৷ গতিকে মোমায়েকৰ কোনো কথা তাই পেলাব নোৱাৰে৷ তাই ভাবি ল’লে, সেয়াই প্রেম৷ মোমায়েকৰ স্মার্ট ফোনটোৰ ওপৰতো তাইৰ এতিয়া সম্পূর্ণ অধিকাৰ৷ মাক, দেউতাক, ভনীয়েকে নেদেখাকৈ কিছুমান ভিডি’ তাইক মোমায়েকে দেখুৱায়৷ প্রথমতে তাই লাজ কৰিছিল যদিও লাহে লাহে সংকোচ নোহোৱা হ’ল৷ আচলতে সেইবোৰ আছিল পর্ণ’ ভিডি’৷ মাকক কুটুৰি কুটুৰি এটা স্মার্ট ফোন তায়ো ল’লে৷ কিন্তু ফোনটো ঘৰৰ আন সদস্যসকলে চুবলৈকে নাপায়৷ ভনীয়েকে বিচাৰে, তাই নিদিয়ে৷ মামাকে তাইক মাজে মাজে অংক শিকায়৷ দুয়ো ঘনিষ্ঠ হৈ পৰে৷ বন্ধ কোঠাত কি ঘটিছে তাৰ খবৰ আইভিৰ মাকে নাপায়৷ তেওঁৰ দুচকুত আইভি আৰু দূৰ সম্পর্কীয় ভায়েকৰ প্রতি থকা বিশ্বাসে যেন এখন অভেদ্য পর্দাহে আঁৰি থৈছিল৷ অৱশেষত এদিন ছলাহী কথাৰে আইভিক উলংগ হ’বলৈ বাধ্য কৰালে মোমায়েকে৷ নিজৰ ম’বাইলত আবদ্ধ কৰিলে তেওঁ কিশোৰী আইভিৰ ভিডি’৷ আন কথাত তাইৰ বর্তমান আৰু ভৱিষ্যৎ৷ বিনিময়ত আইভিৰ হাতত তুলি দিলে নতুন ক্লিপ, নেইল পলিছ৷ ভুল কৰি পেলালে আইভিয়ে, ভয়ংকৰ ভুল৷ আইভিৰ মাক–দেউতাকে গোচৰ ৰুজু কৰিলে অভিযুক্তৰ বিৰুদ্ধে৷ কিন্তু সমাজৰ কাঠগৰাত অভিযুক্ত হ’ল কেৱল আইভি৷ আইভিৰ বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী, ওচৰ–চুবুৰীয়া, তাইৰ লগৰীয়া সকলোৱেই আইভিৰ ভিডি’টোৰ বিষয়ে জানিলে৷ বক্রোক্তি, কটুক্তিৰে দুর্বিষহ হ’ল আইভিৰ প্রাত্যহিকতা৷ আনকি আইভিৰ সমনীয়াসকলৰ পিতৃ–মাতৃয়ে তাইৰ বিদ্যালয়ত আপত্তি দর্শালে যে আইভিৰ লগত তেওঁলোকৰ ছোৱালীয়ে শিক্ষা গ্রহণ কৰিলে সিহঁতো বেয়া হ’ব৷ শিক্ষক–শিক্ষয়িত্রীয়ে আইভিৰ পক্ষ ল’লে, কিন্তু বিদ্যালয়ত একেবাৰেই অকলশৰীয়া হৈ পৰিল তাই৷ মানসিকভাৱে বিধ্বস্ত হৈ পৰিল আইভি৷ কলংকিনী, ডাইনী আদি বিশেষণেৰেও মতা হ’ল আইভিক৷ এতিয়া আইভিৰ ভৱিষ্যতক লৈ শংকিত তাইৰ গোটেই পৰিয়ালটো৷ সমাজে ভাবি চাবনে, কি কাৰকে আইভিক এনে ভয়ংকৰ ভুল কৰিবলৈ বাধ্য কৰালে?
বয়ঃসন্ধিৰ সময়ছোৱা অতি সংবেদনশীল৷ এই সময়ত কিশোৰ–কিশোৰীৰ মানসিক আৰু শাৰীৰিক পৰিৱর্তন ঘটে৷ তেওঁলোকৰ এই পৰিৱর্তনবোৰ প্রত্যেক মাক–দেউতাকে বুজা প্রয়োজন৷ আইভিৰ মাকৰ দৰে সন্তানৰ প্রতি মৰমত অন্ধ হোৱাটো যেনেদৰে ক্ষতিকাৰক, তেনেদৰেই ক্ষতিকাৰক অত্যধিক শাসনো৷ আমাৰ সমাজত আজিও বহু বিষয় খোলাকৈ আলোচনা নহয়৷ বিদ্যালয়ৰ পাঠ্যপুথিত যৌন শিক্ষাৰ পাঠ আজিও অন্তর্ভুক্ত হোৱা নাই৷ সকলোতকৈ ডাঙৰ কথা, ছোৱালীবোৰে সন্মুখীন হোৱা বহু সমস্যা মুকলিকৈ প্রকাশ কৰিব নোৱাৰে৷ এক সমীক্ষা অনুসৰি, প্রায় ৫০ শতাংশ ভাৰতীয় যুৱতী–মহিলা অনলাইন যৌন নিগ্রহৰ বলি হয়৷ বহুতেই আত্মীয় পুৰুষৰ দ্বাৰাই যৌন নির্যাতনৰ বলি হয়৷ কিন্তু অভিভাৱক সেই কথাবোৰত সমাজৰ ভয়ত নিশ্চুপ হৈ থাকে৷ এই নীৰৱতাই আন বহু কিশোৰী–যুৱতীক আইভিৰ দৰেই যন্ত্রণাৰ গৰাকী কৰি তোলে৷ আইভিয়ে কোমল বয়সতে কৰা ভুলে তাইক খুলি খুলি খাইছে৷ চিকিৎসকে কাউঞ্চেলিঙৰো পৰামর্শ দিছে৷ আইভিয়ে দুবাৰকৈ আত্মহত্যাৰ চেষ্টাও চলাইছিল৷ এতিয়া আইভিক পুনৰ আগৰ দৰে কৰি তুলিবলৈ চেষ্টা কৰি আছে মানসে৷ তাইক সদায় ধ্যান, প্রাণায়াম কৰায় সি৷ তাৰ লগৰে নৃত্যাংগনা এগৰাকীয়ে আইভিক সত্রীয়া নৃত্য শিকাবলৈ আহে৷ কাৰণ, সুকুমাৰ কলাই আইভিৰ দৰে সমস্যাত ভোগা মানুহক মানসিক প্রশান্তি প্রদান কৰে বুলি মনোৰোগ বিশেষজ্ঞৰ গৱেষণাত প্রকাশ হৈছে৷ বর্তমান স্মার্ট ফোন আমাৰ প্রত্যেকৰে জীৱনৰ অবিচেছদ্য অংগ হৈ পৰিছে৷ কিন্তু স্মার্ট ফোনে শেষ কৰি দিছে বহুতৰে জীৱন৷ স্মার্ট ফোন ৱ্যৱহাৰকাৰী সন্তান আইভিৰ দৰে বিপদত যাতে নপৰে, তাৰ বাবে পিতৃ–মাতৃও সজাগ হোৱা প্রয়োজন৷ ইণ্টাৰনেট খুঁচৰি ময়ো বিচাৰি পাইছিলোঁ কিছুমান উত্তৰ৷ পিতৃ–মাতৃৰ বাবে কথাকেইটা সহায়ক হ’ব বুলিয়ে উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ আপোনাৰ সন্তান যদি ম’বামাইলৰ প্রতি অত্যধিক আসক্ত হৈছে বা হঠাতে যদি ম’বাইলৰ আকর্ষণ হেৰুৱাই, ছ’চিয়েল মিডিয়াৰ একাউণ্ট যদি হঠাতে বন্ধ কৰে, সামাজিক অনুষ্ঠান আদিলৈ যোৱাত অনীহা প্রকাশ কৰে, কোনোবা কাষলৈ আহিলে ম’বাইল লুকুৱায় থয়, হতাশ বা খিংখিঙীয়া হয়, তেতিয়া বুজি পাব যে তেওঁ কোনো সমস্যাত ভুগিছে৷ আনহাতে, কিশোৰ–কিশোৰী বা যুৱতীসকলে নিজৰ অশ্লীল ফটো, ভিডি’ আদি কাৰো প্রৰোচনাত পৰি শ্বেয়াৰ নকৰা বা নুঠাটোৱেই আইভিৰ দৰে সমস্যাৰ পৰা বাচি থকাৰ উপায়৷ কাৰোবাক অশ্লীল ফটো উঠিবলৈ বাধ্য কৰোৱাটোও অপৰাধ৷
হত্যা–ধর্ষণৰ দৰে ঘটনা ঘটোৱা মানুহবোৰেই কেৱল অপৰাধী নহয়৷ আইভিক অহৰহ মানসিক যন্ত্রণা দি থকা মানুহবোৰো আচলতে অপৰাধী৷ কাৰণ সমাজৰ কিছুমান নীতি–নিয়মে কিশোৰ–কিশোৰীসকলক্ মনৰ ভাব প্রকাশৰ ক্ষেত্রত অন্তৰায় হৈ থিয় দিয়ে৷ গতিকে সকলো সজাগ হৈ এনেধৰণৰ অপৰাধবোৰ ঘটাৰ যাতে সুৰুঙা নোলায় তাৰ প্রতি সজাগ হ’ব লাগিব৷ কাৰোবাৰ কন্যা আমাৰ মাজৰে কাৰোবাৰো আত্মীয় অথবা কন্যা হ’ব পাৰে৷ বিশ্বাসৰ মহঙা যুগত আইভিৰ মাকে দূৰ সম্পর্কীয় ভাতৃয়ে নিজৰ কন্যাক প্রয়োজনাধিক মৰম কৰা দেখিও উদাসীন হৈ থকাটো উচিত নাছিল৷ একেদৰে আইভিয়ে অধ্যয়ন কৰা বিদ্যালয়ত নিজৰ সন্তানক অধ্যয়ন নকৰা বুলি জেদ ধৰা অভিভাৱকসকলো শুদ্ধ নহয়৷ ভুলৰ পৰা শিক্ষা লৈ সমাজখন লেতেৰা কৰিব খোজা মনোভাবহে আমি ত্যাগ কৰা উচিত৷ আধুনিক হ’বলৈ গৈ সন্তানৰ অপ্রয়োজনীয় দাবীসমূহ মানি লোৱাটোও যুক্তিসংগত নহয়৷ যি ভুল আইভিৰ মাকে কৰিলে, সেই ভুলৰ পৰা যেন আন মাকবোৰে শিক্ষাহে লয়৷
ফোন : ৯৩৬৫৪–৮৫৪২২