অ’টিটি–অ’ভাৰ দ্য টপ৷ বিনোদন জগতখনক এই শব্দটোৱে এতিয়া শাসন কৰিবলৈ লৈছে৷ অ’ভাৰ দ্য টপ মানে ওপৰৰো ওপৰৰ৷ ব্যৱহাৰিক অর্থতেই এই শব্দটোৱে ইমান ওপৰত অৱস্থান গ্রহণ কৰিছে যে ই সকলো ধৰণৰ নিয়ন্ত্রণৰ বাহিৰলৈ গুচি গৈছে৷ ভাৰতৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ সিং ঠাকুৰে এই অ’টিটি প্লেটফর্মবোৰক নিয়ন্ত্রণ কৰাৰ কথা চিন্তা কৰি একাধিকবাৰ বিভিন্ন মহলৰ সৈতে আলোচনা কৰিছে, কিন্তু প্রচেষ্টাবোৰে কোনো ধৰণৰ ফল প্রসৱ কৰা নাই৷ অ’টিটিক নিয়ন্ত্রণ কৰিব বিচৰা মূল কাৰণ হ’ল– ইয়াত প্রদর্শন কৰা বহু ধাৰাবাহিক আদিত খোলাখুলিকৈ প্রদর্শন কৰা অশ্লীল দৃশ্য৷ চিনেমাত নগ্ণ দৃশ্য বা অশ্লীল দৃশ্য এটা সাধাৰণ কথা৷ সেই কথাবোৰ বিবেচনা কৰি চেন্সৰ বোর্ডে ছবিবোৰক প্রদর্শনৰ প্রমাণ–পত্র দিয়ে৷ চিনেমা হলক কিমান বয়সৰ দর্শক প্রৱেশ কৰিব, সেই কথা চোৱাৰ বাবে দায়িত্বশীল মানুহ থাকে৷ কিন্তু অ’টিটি প্লেটফর্মত প্রদর্শিত ছবি বা সেইজাতীয় প্রডাকচনবোৰৰ বাবে কোনো ধৰণৰ চেন্সৰ নাই আৰু এই প্লেটফর্মবোৰৰ কি ধাৰাবাহিক চাব, তাৰ নিয়ন্ত্রণ থাকে ব্যক্তিৰ হাতত৷ অ’টিটিৰ লগে লগে বিনোদন জগতলৈ অহা আৰু দুটিমান শব্দ হ’ল ৱেব ছিৰিজ আৰু ব’ল্ড চিন৷ ৱেব ছিৰিজ মানেই ব’ল্ড চিন আৰু ব’ল্ড চিন মানেই নাৰী দেহৰ অশ্লীল প্রদর্শন– এনেকুৱা ধাৰণা এটা এতিয়া বিনোদন জগতৰ সংগী হৈ পৰিছে, বিশেষকৈ কেমেৰাৰ সন্মুখৰ অভিনয় জগতলৈ অহা অধিকাংশ মহিলা শিল্পীৰ মনতেই এনে ধাৰণা এটা সোমাই গৈছে৷ কি ধৰণে এনে ধাৰণা এটাৰ জন্ম দিয়া হৈছে আৰু প্রচাৰ কৰা হৈছে সেয়া অন্য এক প্রসংগ, কিন্তু অভিনয়ৰ লগত অশ্লীলতাক সাঙুৰি দিয়া এই কৌশল অ’টিটি প্লেটফর্মবোৰেই দিবলৈ আৰম্ভ কৰিছে৷ অর্থ বিনিয়োগ কৰিবলগীয়া অ’টিটি প্লেটফর্মৰ বিপৰীতে বহুতে বিনা পইচাই ব্যৱহাৰ কৰিব পৰা ইউটিউবকো অ’টিটি প্লেটফর্মৰ দৰেই ব্যৱহাৰ কৰিবলৈ লৈছে৷
ক’ৰোনা কালত চিত্রগৃহবোৰ বন্ধ হৈ থকা সময়তে অ’টিটি প্লেটফর্মবোৰৰ চাহিদা বৃদ্ধি পায় আৰু কৌশলী পৰিচালকসকলে প্লেটফর্মবোৰক অধিক মচলাপূর্ণ কৰি তোলে৷ অ’টিটি প্লেটফর্মত ছবিয়ে মুক্তি পাবলৈ আৰম্ভ কৰে, এই প্লেটফর্মবোৰ ছবি মুক্তি দিয়াৰ বিকল্প ঠাই হিচাপে বিবেচিত হয়৷ এতিয়া কম বাজেটৰ হিন্দী ছবিবোৰৰ মুক্তি লাভৰ উপযুক্ত ঠাই হিচাপে অ’টিটি প্লেটফর্মবোৰেই মান্যতা লাভ কৰিছে৷ এই প্লেটফর্মবোৰ সাধাৰণ ম’বাইল ফোনতেই চাব পৰা হোৱা বাবে দর্শকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে আৰু লগে লগে অশ্লীল ভিডিঅ’ ছবি বা ছিৰিজৰ নির্মাণো বৃদ্ধি পাইছে৷ এই কামটো চৰকাৰে নিয়ন্ত্রণ কৰিব পৰা অৱস্থাৰ বাহিৰলৈ গুচি যোৱাত নিয়ন্ত্রণ কৰাৰ একো পথ বিচাৰি নাপাই অনুৰাগ ঠাকুৰে একধৰণৰ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰে৷ অনুৰাগ ঠাকুৰে পৰামর্শ দিয়ে যে অ’টিটি খেলুৱৈসকলে কলাত্মক স্বাধীনতাৰ নামত অশ্লীলতা প্রদর্শনৰ পৰা বিৰত থাকিব লাগে৷ মন্ত্রীগৰাকীয়ে এহ মঞ্চসমূহক ভাৰতৰ সাংস্কৃতিক পৰম্পৰা আৰু বৈচিত্র্যৰ প্রতি সজাগ আৰু সংবেদনশীল হ’বলৈ পৰামর্শ দিয়ে৷ পৰামর্শ দিবহে পাৰি, তাক কার্যকৰী কৰাৰ উপায় নাই৷ ক’ৰোনা যুগৰ আগতে আমাৰ দেশত অ’টিটি প্লেটফর্ম আৰু ৱেব ছিৰিজ জনপ্রিয়তাৰ চিৰিত ভৰি দিছিল আৰু তেতিয়াই বহু প্রযোজকে যৌনতা আৰু নির্যাতনৰ জৰিয়তে জনপ্রিয় হোৱাৰ পথ বাছি লৈছিল৷ বহু বিদেশী ৱেব ছিৰিজত নগ্ণতা সাধাৰণ আছিল৷ অ’টিটিৰ সন্দর্ভত কোনো নিয়ম নথকাৰ বাবে নগ্ণ দৃশ্য প্রদর্শনৰ ক্ষেত্রত কোনো বাধা নাছিল৷ এতিয়াও নাই৷ ভাৰতীয় ছবিবোৰত নগ্ণতা আৰু অশ্লীলতা আছিল কিন্তু এতিয়াৰ অ’টিটি ছিৰিজ বা ফিল্মত দেখুওৱাৰ দৰে উগ্র আৰু অকল্পনীয়ভাৱে অশ্লীল নাছিল৷ এই পৰিৱেশৰ পৰা পৰিত্রাণ বিচাৰি কেন্দ্রীয় চৰকাৰে ইণ্টাৰনেট মিডিয়া সন্দর্ভত গাহডলাহন জাৰি কৰিছিল৷ তাৰ অধীনত অ’টিটি প্লেটফর্মৰ সন্দর্ভত তিনিটা স্তৰৰ অভিযোগ নিৰাময় ব্যৱস্থা গঢ়ি তোলা হৈছিল আৰু হয়াক অ’টিটি প্লেটফর্মৰ লোকসকলে আদৰণি জনাইছিল৷ কিন্তু সেই ব্যৱস্থাৰ কোনো উল্লেখযোগ্য প্রভাৱ দেখা নগ’ল৷ অভিযোগো আহি থাকিল, হয়াৰো সমাধান হৈ থাকিল, কিন্তু তথাপিতো বিবাদবোৰো চলি থাকিল৷ চলিত বর্ষৰ এপ্রিল মাহত সংসদীয় কমিটীয়ে অ’টিটি প্লেটফর্মত দেখুওৱা অশ্লীলতাক লৈ উদ্বেগ প্রকাশ কৰিছিল৷ এই কমিটীৰ অধিকাংশ সদস্যই বিশ্বাস কৰিছিল যে এই ধাৰাবাহিকসমূহত দেখুওৱা অশ্লীলতা ভাৰতীয় সংস্কৃতিৰ প্রতি অৱমাননাজনক৷ দেশত ছবিৰ প্রমাণ–পত্রৰ ব্যৱস্থা আছে, তেন্তে অ’টিটিৰ বাবে এনে ব্যৱস্থা কিয় প্রস্তুত কৰিব নোৱাৰি৷ এই কথাটো চৰকাৰ আৰু শিল্পৰ লগত জডিতসকলে গভীৰভাৱে বিবেচনা কৰিব লাগে৷