ভাৰতত চিতা বাঘ প্রকল্প এক গুৰুত্বপূর্ণ বিষয় হিচাপে চর্চিত৷ প্রায় ৭০ বছৰ পূর্বে দেশৰ পৰা বিলুপ্ত হোৱা চিতা বাঘৰ ভাৰতত পুনৰ প্রবিষ্টকৰণ প্রকল্পৰ জৰিয়তে নতুনকৈ আবির্ভাৱ ঘটোৱা হৈছে৷ কেন্দ্র চৰকাৰে বিগত বর্ষৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আৰু ২০২৩ চনৰ ফেব্রুৱাৰী মাহত ক্রমে নামিবিয়া আৰু দক্ষিণ আফ্রিকাৰ পৰা ২০টা চিতা আনি মধ্য প্রদেশৰ কুনো ৰাষ্ট্রীয় উদ্যানত সংস্থাপিত কৰে৷ কুনো ৰাষ্ট্রীয় উদ্যানত সংস্থাপিত বিদেশৰ পৰা অনা ২০টা চিতা বাঘ প্রথম অৱস্থাত সঠিকভাৱে আছিল যদিও হঠাতে এই চিতা বাঘৰ মৃত্যু হ’বলৈ ধৰে৷ এবছৰৰ ভিতৰতে বিদেশৰ পৰা অনা ২০টা চিতা বাঘৰ ৮টাৰ মৃত্যু ঘটে৷ ৰাষ্ট্রীয় উদ্যানখনত বিদেশৰ পৰা অনা চিতা বাঘৰ মৃত্যুক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈছে৷ চিতাৰ মৃত্যুক লৈ বিভিন্ন মত ব্যক্ত কৰা হৈছে যদিও কি কাৰণত কুনো ৰাষ্ট্রীয় উদ্যানত প্রথম অৱস্থাত সঠিকভাৱে থকা বাঘৰ মৃত্যু ঘটিবলৈ লৈছে তাৰ স্পষ্ট কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷ ইয়াৰ বাবে কুনো ৰাষ্ট্রীয় উদ্যানত কেন্দ্রীয় চৰকাৰৰ চিতা পুনৰ প্রবিষ্টকৰণ প্রকল্প সমালোচনাৰ মাজত সোমাই পৰিছে৷ বিদেশৰ পৰা চিতা আনি পুনৰ ভাৰতত এই প্রজাতিটোক নতুনকৈ গঢ় দিবলৈ কেন্দ্রীয় চৰকাৰে পাঁচ বছৰত ৯১.৬৫ কোটি টকা ব্যয় কৰিব৷ কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ুমন্ত্রী অশ্বিনী কুমাৰ চৌবেই চিতা পুনৰ প্রবিষ্টকৰণ প্রকল্পত প্রথম ৫ বছৰত প্রথম পর্যায় হিচাপে ৯১.৬৫ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ এই প্রকল্প অনুসৰি প্রত্যেক বছৰে ভাৰতত চিতাৰ স্থিতি অনুযায়ী বিদেশৰ পৰা এই প্রজাতিৰ চিতা অনা হ’ব৷ নামিবিয়া, দক্ষিণ আফ্রিকা তথা আফ্রিকাৰ আন দেশৰ পৰা চিতা ভাৰতলৈ পর্যায়ক্রমে অনা হ’ব৷ বন্য প্রাণীক লৈ কেন্দ্রীয় চৰকাৰৰ এই প্রকল্প প্রশংসনীয় যদিও কুনো ৰাষ্ট্রীয় উদ্যানত চিতাৰ মৃত্যুক লৈ এই প্রকল্পত জটিলতাৰ সৃষ্টি হৈছে৷ এবছৰত ৮টা চিতাৰ মৃত্যুক লৈ দেশৰ উচ্চতম ন্যায়ালয়েও উদ্বিগ্নতা প্রকাশ কৰিছে৷
নামিবিয়া আৰু দক্ষিণ আফ্রিকাৰ পৰা অনা ২০টা চিতা বাঘৰ ৮টাৰ কুনো ৰাষ্ট্রীয় উদ্যানত মৃত্যু ঘটাক লৈ উদ্বিগ্নতা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ে এই ছবিখন ভাল নহয় বুলি স্পষ্ট কৰি মন্তব্য কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কুনো ৰাষ্ট্রীয় উদ্যানৰ পৰা আন স্থানলৈ চিতা বাঘ হস্তান্তৰকৰণ কৰা বিষয়ত গুৰুত্ব আৰোপ কৰি কেন্দ্রীয় চৰকাৰক এনে কার্যক সন্মানৰ প্রশ্ণ হিচাপে নল’বলৈ আহ্বান জনাইছে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই, জে বি পর্ডিৱালা আৰু প্রশান্ত কুমাৰ মিশ্র বিচাৰপীঠে চিতাৰ মৃত্যুক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰি কুনো ৰাষ্ট্রীয় উদ্যানত থকা চিতাৰ মৃত্যুৰ কাৰণ আৰু চিতাক লৈ কি পদক্ষেপ গ্রহণ কৰিছে তাৰ বিতং ব্যাখ্যা কৰি কেন্দ্রীয় চৰকাৰক শপতনামা দাখিলৰ নির্দেশ দিয়ে৷ বিচাৰপীঠে কেইবাটাও গুৰুত্বপূর্ণ প্রশ্ণ উত্থাপন কৰি তাৰ উত্তৰ দিবলৈ নির্দেশ দিছে৷ বিচাৰপীঠে কেন্দ্রক কয়– কি সমস্যা হৈছে? জলবায়ু চিতাৰ কাৰণে উপযোগী হৈছেনে নাই, নে আন কিবা কাৰণত মৃত্যু ঘটিছে? ২০টাৰ ভিতৰত ৮টাৰ মৃত্যু ঘটিছে৷ জুলাইৰ তৃতীয় সপ্তাহত দুটাৰ মৃত্যু ঘটিছে৷ কিয় বেলেগ বেলেগ ৰাষ্ট্রীয় উদ্যান কিম্বা অভয়াৰণ্যলৈ চিতাক স্থানান্তৰৰ ক্ষেত্রত বিবেচনা কৰা নাই? কিয় এই বিষয়টোক সন্মানৰ প্রশ্ন হিচাপে লৈছে? এই প্রশ্ন উত্থাপন কৰি বিচাৰপীঠে শীঘ্রেই কুনো ৰাষ্ট্রীয় উদ্যানত থকা চিতাক লৈ ইতিবাচক পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ বিচাৰপীঠে দেশৰ কাৰণে সন্মানীয় এই প্রকল্পৰ ক্ষেত্রত কর্তৃপক্ষই কিয় সকলো প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নাই তাৰ ওপৰতো প্রশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা শপতনামা বিচাৰে৷ দেশৰ সন্মানীয় চিতা প্রকল্পৰ ক্ষেত্রত বিশেষজ্ঞ আৰু পশু চিকিৎসক বিশেষজ্ঞৰ দল জড়িত হৈ আছে যদিও কুনো ৰাষ্ট্রীয় উদ্যানত সংঘটিত চিতাৰ মৃত্যু নেতিবাচক৷ কেন্দ্রীয় চৰকাৰে শীঘ্রেই চিতা পুনৰ প্রবিষ্টকৰণ প্রকল্পক সঠিক দিশে আগবঢ়াই নিয়াটো ইতিবাচক হ’ব৷