নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জি–২০ সন্মিলনৰ সাফল্য

প্রত্যাশিতভাৱে জি–২০ৰ শীর্ষ সন্মিলন সফলতাৰে সম্পন্ন কৰিলে ভাৰতে৷ দুদিনীয়া জি–২০ গোষ্ঠীৰ সন্মিলনত আজি আনুষ্ঠানিকভাৱে দুপৰীয়া অন্ত পৰা বুলি ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই ঘোষণাৰ পূর্বে আগন্তুক জি–২০ৰ সভাপতিত্ব অর্পণ কৰা হ’ল ব্রাজিলৰ ৰাষ্ট্রপতি লুইজ ইনাচি’ লুলা ডা ছিলভাৰ হাতত৷ বিশ্বৰ কেইবাগৰাকীও শীর্ষনেতাৰ অনুপস্থিতি সত্ত্বেও এই সন্মিলন সফল হোৱা বুলি ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনকে ধৰি কেইবাগৰাকীও ৰাষ্ট্রনেতাই৷ ভ্লাডিমিৰ পুটিনৰ বিপৰীতে জি–২০ৰ এই শীর্ষ সন্মিলনত উপস্থিত থাকে ৰাছিয়াৰ বিদেশ মন্ত্রী ছেৰগেই লেভৰভ৷ ৰুছ বিদেশ মন্ত্রীগৰাকীৰ নতুন দিল্লীত অনুষ্ঠিত জি–২০ৰ এই সন্মিলনত অন্যতম মাইলফলক বুলি অভিহিত কৰে৷ উল্লেখনীয় যে আনুষ্ঠানিকভাৱে বিশ্ব নেতৃত্বই এই জি–২০ সন্মিলনত যৌথ ঘোষণা পত্র গ্রহণ কৰিবলৈ সক্ষম হয়৷ দুদিনীয়া এই সন্মিলনৰ অন্যতম বৃহৎ সাফল্য হৈছে আফ্রিকাৰ ইউনিয়নক জি–২০ৰ স্থায়ী সদস্য পদ অর্পণ কৰা হৈছে৷ অৱশ্যে জি–২০ সন্মিলনৰ ঘোষণা পত্রক লৈ অসন্তুষ্টি প্রকাশ কৰিছে যুদ্ধবিধ্বস্ত দেশ ইউক্রেইনে৷ এই ঘোষণা পত্রত যুদ্ধক লৈ প্রত্যক্ষভাৱে কোনোধৰণৰ সমালোচনা আগবঢ়োৱা হোৱা নাই৷ ৰাছিয়াৰ বিৰুদ্ধে অনৈতিক যুদ্ধ সন্দর্ভত কোনোধৰণৰ বক্তব্য ৰখা হোৱা নাই ঘোষণা পত্রত৷ গতিকে এই ঘোষণা পত্রক লৈ স্পষ্টভাৱে অসন্তুষ্টি প্রকাশ কৰে ইউক্রেইনে৷ কিন্তু ৰাছিয়াই ঘোষণা পত্রক লৈ বিশ্ব নেতৃত্বৰ সহমত সম্ভৱ কৰি তোলা বাবে ভাৰতক প্রশংসা কৰিছে৷ ৰুছ ৰাষ্ট্রপতি পুটিন আৰু চীনৰ শীর্ষ নেতা জিনপিঙৰ অনুপস্থিতি সত্ত্বেও ভাৰতত অনুষ্ঠিত জি–২০সন্মিলন অনন্য আছিল বুলি আন্তর্জাতিক সংবাদ মাধ্যমেও প্রকাশ কৰিছে৷ গোলকীয় শান্তি লগতে আঞ্চলিক অখণ্ডতা তথা সার্বভৌমত্ব আদি বিষয়সমূহে স্থান লাভ কৰিছে ঘোষণা পত্রত৷ ক্ষুধা নির্মূলৰ বাবে বিভিন্ন প্রস্তাৱত সহমত প্রকাশ কৰিছে জি–২০ৰ সদস্য দেশসমূহে৷ ইফালে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাই জি–২০ৰ সদস্য দেশসমূহৰ প্রতিনিধিসকলক মুগ্ধ কৰি তোলে৷ সন্মিলনৰ অন্তিম দিনা জি–২০ৰ নেতাসকলে মহাত্মা গান্ধীৰ সমাধিস্থলত উপস্থিত হৈ ভাৰতৰ স্বাধীনতা সংগ্রামৰ কাণ্ডাৰীগৰাকীক শ্রদ্ধা নিবেদন কৰা বিষয়টো ভাৰতৰ বাবে অন্যতম গুৰুত্বপূর্ণ বিষয় হিচাপে চিহ্ণিত হয়৷

ভাৰতত জি–২০ৰ সন্মিলনৰ সফল সামৰণিৰ পাছত আগন্তুক ১ জানুৱাৰীৰ পৰা পৰৱর্তী সভাপতিৰ দায়িত্ব লাভ কৰিছে ব্রাজিলে৷ লেটিন আমেৰিকান দেশখনৰ ৰাষ্ট্রপতি লুলাই আজি জি–২০ৰ সভাপতিত্বৰ গেভেল প্রধানমন্ত্রী মোদীৰ পৰা গ্রহণ কৰাৰ পূর্বে অৱশ্যে মোদীয়ে আগন্তুক নৱেম্বৰত সংস্থাটোৰ এক ভার্চুৱেল সন্মিলনৰ প্রস্তাৱ ৰাখে৷ উল্লেখনীয় যে ৩১ ডিচেম্বৰলৈ জি–২০ৰ সভাপতিত্বৰ দায়িত্বত থাকিব ভাৰত৷ এইবাৰৰ জি–২০ সন্মিলনক মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে সফল সন্মিলন বুলি অভিহিত কৰে৷ আজি পুৱা ভিয়েটনাম অভিমুখে যাত্রা কৰাৰ পূর্বে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে সংবাদ মাধ্যমত উল্লেখ কৰে যে নতুন দিল্লীত অনুষ্ঠিত জি–২০ৰ সন্মিলনে জলবায়ু সংকট, যুদ্ধ–সংঘাত আদি বিষয়ত সমাধানৰ পথ উলিয়াবলৈ যে সক্ষম, সেই কথা প্রমাণ কৰি দিলে৷ গোলকীয় অর্থনীতি যিসময়ত ভাৰসাম্যহীন অৱস্থাৰ সন্মুখীন হৈছে, সেই সময়ত জি–২০ গোষ্ঠীয়ে বিভিন্ন বিষয়ত সমাধানৰ পথ বিচাৰ কৰিব পাৰে বুলিও বাইডেনে উল্লেখ কৰে৷ লক্ষণীয় বিষয়টো হৈছে জি–২০ৰ দিল্লী ঘোষণা পত্রত আন্তর্জাতিক আইন, আঞ্চলিক সংহতি, আন্তর্জাতিক মানৱীয় আইন আৰু শান্তি তথা সুস্থিৰতাৰ পক্ষত বহুপাক্ষিক ব্যৱস্থাৰ প্রতি সহমত পোষণ কৰিছে সদস্য দেশসমূহৰ নেতাসকলে৷ এই দিশৰ পৰা দিল্লী ঘোষণা পত্র জি–২০ সন্মিলনৰ অন্যতম সফলতা হিচাপে চিহ্ণিত হৈছে৷ বিশ্ব নেতৃত্বৰ সন্মুখত এই সন্মিলনে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাক নতুন ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে৷

You might also like