ইণ্টাৰনেটৰ আগমন আৰু চার্চ ইঞ্জিনৰ সহজলভ্যই ছাত্র–ছাত্রীসকলক বিভিন্ন দিশত কৰা সহায় যেনেদৰে বৈপ্লৱিক আছিল, ঠিক তেনেদৰে ই বহুতৰ গ্রন্থ অধ্যয়ন স্পৃহাও কমাই দিছিল৷ তৎক্ষণাৎ উত্তৰ বা তথ্য সংগ্রহ কৰা সুবিধাই অধ্যয়ন বিমুখিতাৰ জন্ম দিছিল, যাৰ কুফল সেই ছাত্র–ছাত্রীসকলেই ভোগ কৰিছে৷ এই প্রেক্ষাপটত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ কথা চিন্তা কৰিবলগীয়া৷ প্রযুক্তি বিদ্যাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে আৰু দিবলৈ চেষ্টা কৰাটো উচিতো নহয়৷ ইয়াক কিমান উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা–চর্চা কৰা আৰু পথ নির্ধাৰণ কৰাহে উচিত৷ সফলতাৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰ ব্যর্থতাৰ উদাহৰণো আছে৷ শিক্ষা প্রদান আৰু গ্রহণৰ জৰিয়তে জ্ঞান, দক্ষতা আৰু বস্তুগত বুজাবুজিৰ মৌলিক ভেটি গঢ় লৈ ডঠা বিদ্যালয় এখনত কৃত্রিম বুদ্ধিমত্তাৰ দৰে যান্ত্রিক ব্যৱস্থাৰ ওপৰত কেনেকৈ নির্ভৰ কৰিব যাব, সেই কথাও চিন্তা কৰাৰ প্রয়োজন৷ ছাত্র এজনক কৃত্রিম বুদ্ধিমত্তাব্যৱহাৰ কৰিবলৈ ডৎসাহিত কৰিলে যদি ছাত্রজনো সেহ বুদ্ধিমত্তাৰ ওপৰত নির্ভৰশীল হয়, তেন্তে তেওঁৰ বোধশক্তিৰ বিকাশ সীমিত হ’ব৷ ডিজিটেল ইণ্ডিয়াৰ সমর্থকসকলে বিদ্যালয়সমূহক এনে প্রযুক্তি ব্যৱহাৰৰ বাবে গিনিপিগ হিচাপে ব্যৱহাৰ কৰাৰ আগতে কৃত্রিম বুদ্ধিমত্তা প্রয়োগৰ ঋণাত্মক দিশবোৰৰ কথা ভালদৰে চিন্তা কৰিব লাগিব৷ জৰুৰীকালীন অৱস্থাৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ আত্মীয়ক কম্পিউটাৰৰ যোগেৰে মাধ্যমিকৰ ফলাফল দিয়াৰ ঠিকা দিওঁতে কিমান শ শ ল’ৰা–ছোৱালীৰ ভাগ্য নষ্ট হৈ গৈছিল, সেই কথা ভুক্তভোগীসকলে এতিয়াও মনত ৰাখিছে৷ এইধৰণৰ চৰকাৰী নৃশংসতাৰ উদাহৰণ সন্মুখত থাকিলেও এটা কথা সত্য যে কৃত্রিম বুদ্ধিমত্তা–চালিত শিক্ষণ প্লেটফর্মসমূহে ছাত্র–ছাত্রীক ব্যক্তিগত শিক্ষা, বিশেষকৈ শিক্ষাৰ লগত জডিত অন্য কামসমূহত সহায় কৰিব পাৰে৷ এনে কৰাৰ ফলত ছাত্র–ছাত্রীসকলৰ অধ্যয়নৰ সময় বৃদ্ধি পাব৷
কৃত্রিম বুদ্ধিমত্তা পৰিচালিত কিছুমান শিক্ষণ আহিলা এতিয়া বিনামূলীয়াকৈ পোৱাৰ সুবিধাতে বহু ছাত্র–ছাত্রীয়ে নিজ নিজ কামত সেইবোৰৰ ব্যৱহাৰ আৰম্ভ কৰিছে৷ এয়া ব্যক্তিগত পর্যায়ৰ ব্যৱহাৰ, শিক্ষা প্রতিষ্ঠানৰ দ্বাৰা অনুমোদিত ব্যৱহাৰ নহয়৷ যদি ব্যক্তিগত পর্যায়ত ছাত্র–ছাত্রীসকলে সুবিধা ল’ব পাৰিছে, তাক আনুষ্ঠানিক কৰাত বিলম্ব কৰাৰ প্রয়োজন নাই৷ আমেৰিকা যুক্তৰাষ্ট্রত ছাত্র–ছাত্রীসকলৰ মাজত কৰা এটা সমীক্ষাত প্রকাশ পাইছে যে প্রায় চল্লিশ শতাংশ ছাত্র–ছাত্রীয়ে পৰীক্ষাৰ প্রশ্ণৰ উত্তৰ প্রস্তুত কৰা কামত কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগ কৰে৷ প্রায় ষাঠি শতাংশই পাঠ্যক্রমৰ আনুষংগিক কাম যেনে– পেপাৰৰ সংক্ষিপ্ত সাৰ প্রস্তুত কৰা, পাৱাৰ পইণ্ট প্রেজেণ্টেচন প্রস্তুত কৰা, ই–মেইল লিখা আদি কামত এআইৰ সহায় লয়৷ ত্রিশ শতাংশ শিক্ষকে এআইৰ ব্যৱহাৰৰ বাবে ছাত্র–ছাত্রীসকলক উৎসাহিত কৰে আৰু তাৰ বিপৰীতে পঞ্চাশ শতাংশই বিৰোধিতা কৰে৷ এই সমীক্ষাতে আন এটা তথ্যও প্রকাশ পাইছিল যে প্রায় সত্তৰ শতাংশ ছাত্র–ছাত্রীয়ে শিক্ষানুষ্ঠানত কৃত্রিম বুদ্ধিমত্তা আহিলা ব্যৱহাৰৰ বিৰোধিতা কৰিছে৷ এই বিৰোধিতাৰ মূল কাৰণ হ’ল এই আহিলাৰ ব্যৱহাৰে শিক্ষাৰ মূল দার্শনিক আৰু আত্মিক দিশটোক ধবংস কৰিব৷ শৈক্ষিক পৰিৱেশত এআহৰ ব্যৱহাৰ বৃদ্ধিয়ে শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজৰ পাৰস্পৰিক আৱেগিক কার্যকলাপ হ্রাস কৰিব৷ মানবিশিষ্ট শিক্ষাৰ বাবে ছাত্র–শিক্ষকৰ মাজত থাকিবলগীয়া ব্যক্তিগত সংযোগ, আৱেগিক সমর্থন, পৰামর্শদানৰ কাম আৰু ব্যক্তিগত শিক্ষণ প্রয়োজনীয়তাসমূহ কৃত্রিম বুদ্ধিমত্তাই সম্পূর্ণৰূপে পূৰণ কৰিব নোৱাৰিব৷ ইবোৰ কথাৰ প্রতি লক্ষ্য ৰাখি শিক্ষা ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগ কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এহ সম্ভাব্য নেতিবাচক প্রভাৱসমূহক বিশ্লেষণ কৰিব লাগিব আৰু শক্তিশালী নিয়ম, নৈতিক নির্দেশনা প্রস্তুত কৰিব লাগিব৷ এই দায়িত্ব চৰকাৰে নিষ্ঠা সহকাৰে পালন কৰিব লাগিব৷ সঠিক তদাৰকী আৰু দায়িত্বশীল ব্যৱহাৰে এহ প্রত্যাহ্বানসমূহ লাঘৱ কৰাত সহায় কৰিব পাৰে আৰু ছাত্র–ছাত্রীৰ মংগল আৰু শৈক্ষিক ফলাফলৰ সৈতে আপোচ নকৰাকৈ এআহ প্রযুক্তিয়ে শিক্ষণ অভিজ্ঞতাত হতিবাচক অৰিহণা যোগোৱাটো নিশ্চিত কৰিব পাৰে৷ শিক্ষাখণ্ডত এআহৰ ব্যৱহাৰে শিক্ষণ প্রক্রিয়াত বৈপ্লৱিক পৰিৱর্তন আনি ছাত্র–ছাত্রী আৰু শিক্ষাবিদসকলৰ বাবে শিক্ষাক অধিক সুলভ, কার্যক্ষম আৰু ফলপ্রসূ কৰি তোলাৰ সম্ভাৱনা আছে৷