নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সামাজিক মাধ্যমৰ ভৱিষ্যৎ

সামাজিক মাধ্যমে বর্তমান সময়ৰ সমাজখনক বিভিন্ন ধৰণে ইমান প্রভাৱিত কৰিছে যে ইয়াক বহুতে এতিয়া ফ্রাংকেনষ্টাইনৰ লগত তুলনা কৰিবলৈকো ওলাইছে৷ সামাজিক মাধ্যমৰ সর্বগ্রাসী শক্তিয়ে মানুহৰ প্রচলিত অভ্যাস আৰু মূল্যবোধক নানান ধৰণে আক্রমণ কৰিছে আৰু সমাজক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিছে৷ সামাজিক মাধ্যমৰ সমানে সমানে আলোচিত এটা বিষয় হ’ল– ‘ভার্চুৱেল ৰিয়েলিটী’ অথবা অপার্থিৱ বাস্তৱতা৷ এই অপার্থিৱ বাস্তৱতা আৰু সামাজিক মাধ্যমৰ সংযোগে মানুহৰ মনোজগতত থকা সামাজিক স্থানৰ ধাৰণাটোক এক নতুন ৰূপ দিছে, যাৰ বাবে মানুহ এতিয়া একে সময়তে দুখন পৃথিৱীৰ বাসিন্দা হৈ পৰিছে৷ এই অপার্থিৱ জগতখনৰ মানুহে শ্রেণীকোঠাত অংশগ্রহণ কৰিব পাৰে, বন্বুূ–বান্ধৱীৰ সৈতে অন্তৰংগভাৱে কথা পাতিব পাৰে, আনকি দূৰৈৰ ঠাই এখনকো নিজৰ কোঠালৈ আনি ল’ব পাৰে৷ দ্রুতগতিত বিকাশ হোৱা এই পৰিৱেশত বিচৰণ কৰা মানুহ এজনৰ বাবে বাস্তৱ জগত আৰু অপার্থিৱ জগতৰ মাজৰ সংঘাত অতি স্বাভাৱিক কথা আৰু এই সংঘাতে ব্যক্তিৰ জীৱনলৈ অকল্পনীয় পৰিৱর্তন আনিব পাৰে৷ এই পৰিৱর্তনে একে সময়তে সামাজিক পৰিৱেশকো নিয়ন্ত্রণ কৰিব৷ অপার্থিৱ বাস্তৱে সামাজিকৰণৰ ক্ষেত্রখনত এটা নতুন মাত্রাৰ সংযোজন ঘটাইছে আৰু ইয়াৰ মূলতে আছে প্রযুক্তি আৰু মানৱ পাৰস্পৰিক ক্রিয়াৰ এক যুগান্তকাৰী সংযোজন৷ সহজ কথাত ইণ্টাৰনেটে মানুহক দিছে সামাজিক মাধ্যম, সামাজিক মাধ্যমে মানুহক লৈ গৈছে অপার্থিৱ বাস্তৱতালৈ আৰু এই বাস্তৱতাত মানুহৰ উপস্থিতি শক্তিশালী কৰি তুলিছে কৃত্রিম বুদ্ধিমত্তাই৷ অপার্থিৱ বাস্তৱতাৰ এটা আকর্ষণীয় দিশ হ’ল ভৌগোলিক সীমা অতিক্রম কৰাৰ ক্ষমতা৷ অপার্থিৱ বাস্তৱতাৰ জগতখনত মানুহে সকলো সীমা অতিক্রম কৰি বাস্তৱ মানুহৰ মুখামুখি হ’ব পাৰে আৰু এই শক্তিয়েই অপার্থিৱ বাস্তৱতাক মানুহৰ অভিন্ন কৰি তুলিবলৈ সহায় কৰিছে৷ হয়াৰ গভীৰ প্রভাৱ পৰিছে আন্তঃৰাষ্ট্রীয় সহযোগিতা, সাংস্কৃতিক বিনিময় আৰু মনৰ দিগন্ত বহল কৰাত৷ অপার্থিৱ বাস্তৱতাৰ সামাজিক ক্ষেত্রত অংশগ্রহণ কৰা অভিজ্ঞতাৰ ধাৰণাটোৱে ব্যক্তিগত সম্বন্ধৰ ক্ষেত্রত এক নতুন অর্থ লাভ কৰে৷ মানুহে ভার্চুৱেল সংগীত কনচার্টত অংশগ্রহণ কৰিব পাৰে, ডিজিটেল থিয়েটাৰত একেলগে চিনেমা চাব পাৰে বা আনকি মাল্টিপ্লেয়াৰ গেমত অংশগ্রহণ কৰিব পাৰে, য’ত শাৰীৰিক দূৰত্ব অপ্রাসংগিক হৈ পৰে৷ এহ নিমজ্জিত ৰূপৰ বাস্তৱতাই বাস্তৱৰ ব্যৱধান দূৰ কৰি এক বিশাল মানৱ সমাজৰ অনুভূতিৰ জন্ম দিয়ে৷

কিন্তু এই সম্ভাৱনাসমূহ অনস্বীকার্যভাৱে ৰোমাঞ্চকৰ হ’লেও ই যথেষ্ট প্রত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে৷ এই প্রযুক্তিৰ বিকাশ অতি দ্রুত যদিও খৰচ, আৰু হার্ডৱেৰৰ প্রয়োজনীয়তাৰ ক্ষেত্রত বাধাৰ সন্মুখীন হৈছে৷ প্রতিজন ব্যক্তি অথবা প্রতিষ্ঠানৰ ডচ্চমানৰ ভি–আৰ ডিভাহচৰ সুবিধা নাহ বাবে এই ক্ষেত্রখনত অংশগ্রহণৰ প্রসংগত এক ধৰণৰ বৈষম্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ৰৈ যায়৷ হয়াৰ ডপৰি এহ প্রযুক্তিৰ অধিক প্রচলন হোৱাৰ লগে লগে গোপনীয়তা, সুৰক্ষা আৰু ডিজিটেল নিচাৰ সম্ভাৱনাৰ ক্ষেত্রত উদ্ভৱ হ’ব পৰা ডদ্বেগসমূহৰ সমাধান সূত্রও উলিয়াই ল’ব লাগিব৷ প্রযুক্তিবিদ্যাৰ অকল্পনীয় বিকাশৰ সময়তো অপার্থিৱ বাস্তৱতাৰ জগতখনতো মানৱীয় ডপাদানটো অপৰিহার্য হৈয়েহ আছে৷ প্রযুক্তিয়ে নিমজ্জিত অভিজ্ঞতাৰ সুবিধা প্রদান কৰিলেও ডিজিটেল আৰু বাস্তৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূর্ণ৷ এই ভাৰসাম্যৰ অবিহনে সামাজিক মাধ্যমবোৰ মানুহৰ শক্তিৰ লগতে অশান্তিৰ কাৰণো যে হৈ পৰিব তাত সন্দেহ নাই৷ বর্তমান সময়ত সামাজিক মাধ্যমবোৰে সৃষ্টি কৰি দিয়া অপার্থিৱ জগতখনৰ সুবিধা শৈক্ষিক দিশত ব্যৱহূত হৈছে৷ ইয়াৰ লগতে আৰু কিছু ব্যৱহাৰ হৈছে বস্তু কিনা–বেচাৰ জগতখনত৷ ইয়াত যুক্ত হৈছে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, যি ব্যৱহাৰে অনলাইন বজাৰৰ অন্তিমজন গ্রাহককো স্পর্শ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে৷ প্রযুক্তিবিদ্যাৰ দ্রুত বিকাশে সামাজিক মাধ্যমক আৰু কিমান দূৰলৈ নিয়ে, তাক এতিয়াই অনুমান কৰিব নোৱাৰি৷ কিন্তু সামাজিক মাধ্যমক অধিক সবল ৰূপে ব্যক্তিগত আৰু সামাজিক পর্যায়ৰ শৈক্ষিক কামত ব্যৱহাৰ কৰিব পাৰিলেহে ইয়াৰ শক্তিক উৎপাদনক্ষমভাৱে সর্বসাধাৰণৰ মাজলৈ নিব পৰা যাব৷

You might also like