নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ আগষ্ট, শাওণ মাহৰ ২১ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই

মেষ : কর্মস্থানত মধ্যম৷ সূর্যপূজা কৰক৷ ঘৰুৱা সামগ্রীৰ ওপৰত নজৰ দিয়ক৷ ব্যয় বৃদ্ধি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
বৃষ : পৰিৱেশ অস্থিৰ হ’ব৷ শৰীৰৰ প্রতি যত্ন লওক৷ কর্মত শুভ৷ দুখীয়াক অন্ন দান কৰক৷ কমলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ১৷
মিথুন : কর্মদক্ষতাৰ ওপৰত সা–সন্মান বৃদ্ধি৷ ভ্রমণত মধ্যম৷ বিদ্যাত কিছু জটিলতা আছে৷ ব্যয় বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি৷ গুলপীয়া শুভ ৰং, শুভ সংখ্যা ৫৷
কর্কট : কর্মব্যস্ততা বৃদ্ধি৷ দুখীয়াক অন্ন–বস্ত্র দান কৰক৷ শত্রু নাশ৷ খৰচৰ মাত্রা বৃদ্ধি৷ সোণালী শুভ ৰং, শুভ সংখ্যা ৪৷
সিংহ : তীর্থ ভ্রমণৰ যোগ৷ লেখক, ৰাজনীতিবিদ, সমাজকর্মী আদিৰ সন্মান বৃদ্ধি৷ আয় বৃদ্ধি, প্রেমত বাধা ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
কন্যা : কোনো শুভ সংবাদ পাব পাৰে৷ প্রেমত কষ্ট, ভ্রমণত শুভ৷ শত্রুৰ পৰা সাৱধান৷ নীলা ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৩৷
তুলা : কর্মত উন্নতিৰ যোগ৷ নতুন বিদ্যাত ফলৱতী হ’ব৷ হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে৷ প্রেমত মধ্যম৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৮৷
বৃশ্চিক : কর্মত উদাৰতা থাকিব৷ প্রেমত শুভ, মন্দিৰ দর্শনে আনন্দ দিব৷ মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
ধনু : কর্মস্থানত ধৈর্যৰ প্রয়োজন৷ যান–বাহনৰ পৰা সাৱধান৷ পাৰিবাৰিক মনোমালিন্য৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
মকৰ : কর্মস্থানত উন্নতিৰ যোগ৷ প্রদূষণৰ পৰা সাৱধান৷ কোনো প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব৷ ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
কুম্ভ : কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব৷ ধর্মস্থান ভ্রমণত আনন্দিত হ’ব৷ চিন্তাশীল আৰু জনহিতকৰ কামত সুফল৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৮৷
মীন : কার্য সিদ্ধি হ’ব৷ নীলম ৰত্ন ধাৰণ কৰিব৷ বন্ধুবর্গৰ পৰা সহায় পাব৷ খৰচ বৃদ্ধি৷ ক্রীম শুভ ৰং, শুভ সংখ্যা ৫৷

You might also like