নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ আগষ্ট, ভাদ মাহৰ ৯ তাৰিখ
দেওবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষ : সামাজিক কর্মত সুনাম বৃদ্ধি৷ উচ্চ বিদ্যাত যত্ন কৰক৷ প্রেমত ভাল দেখা যায়৷ শুভ ৰং নীলা, সংখ্যা ৮৷
বৃষ : পাৰিবাৰিক দায়বদ্ধতা বৃদ্ধি পাব৷ দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ পিতা–মাতাৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখক৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷
মিথুন : আত্মীয় লোকে প্রতাৰণা কৰিব পাৰে৷ লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
কর্কট : দাম্পত্য আৰু প্রেমত মধ্যম৷ আজি অলপ ক’লা তিল পানীত বিসর্জন দিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷
সিংহ : নিবনুৱাৰ ভাল বুলিব পৰা যায়৷ ঘৰত আলহীৰ আগমন৷ প্রেমত গতানুগতিক৷ বিদ্যাত শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শুভ ৰং মেৰুণ, সংখ্যা ৮৷
কন্যা : পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে৷ সতর্ক থাকক৷ সন্তানৰ শুভ৷ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ১৷
তুলা : কর্ম দায়িত্ব বৃদ্ধি পাব৷ ঘৰুৱা একপ্রকাৰ৷ বিদ্যাত মধ্যম৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, সংখ্যা ৯৷
বৃশ্চিক : প্রেম আৰু দাম্পত্য ভাল বুলিব পৰা যায়৷ এডাল তুলসী মালা গুৰুজনাক দান দিব৷ ৰঙা কাপোৰ পৰিধান কৰিব৷ শুভ সংখ্যা ৭৷
ধনু : ধনাগম বৃদ্ধি পাব৷ যান–বাহন ক্রয় কৰিব পাৰে৷ বিবাহৰ যোগ৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷
মকৰ : আপোনাৰ দুর্বলতাৰ কাৰণে অইন লোকে আপোনাক কথা শুনাব৷ বিবাহৰ যোগ৷ বিদ্যার্থীৰ কাৰণেও দিনটো ভাল৷ শুভ ৰং বগা, সংখ্যা ৪৷
কুম্ভ : ব্যৱসায়ত ভাল৷ নতুন কাম হাতত ল’ব পাৰে৷ যান–বাহনৰ পৰা সাৱধান৷ পাবলগীয়া ধন ঘূৰাই পাব৷ শুভ ৰং মেৰুণ, সংখ্যা ৮৷
মীন : পাৰিবাৰিক অশান্তি বৃদ্ধি পাব পাৰে৷ সতর্ক থাকক৷ কর্মত ব্যস্ততা দেখা যায়৷ সন্তানৰ ভাল৷ প্রেমত অশুভ৷ হালধীয়া ৰং শুভ৷ সংখ্যা ৩৷

You might also like