নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ আগষ্ট, ভাদ মাহৰ ১২ তাৰিখ
বুধবাৰ : তিথি–শুক্লা চতুর্দ্দশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিব৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷
বৃষ : স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়৷ উচ্চ বিদ্যাত সাফল্য লাভ৷ দাম্পত্যত বিবাদ থাকিব৷ দূৰ ভ্রমণৰ ইচ্ছা মনত জাগিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
মিথুন : দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি৷ সন্তানৰ প্রতিভাৰ বিকাশ৷ উচ্চ বিদ্যাত সাফল্য পাব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷
কর্কট : চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ আর্থিকত বেয়া দেখা নাযায়৷ প্রেমত শুভ ফল আশা কৰিব পাৰে৷ বিদ্যাত মজলীয়া৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
সিংহ : শাৰীৰিক মধ্যম বুলি ক’ব পৰা যায়৷ চাকৰিয়ালৰ কাৰণে ভাল৷ ব্যৱসায়ত নতুন কামত হাত দিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
কন্যা : সন্তানৰ প্রতি নজৰ ৰাখক৷ দূৰ ভ্রমণৰ যোগ৷ বিদ্যার্থীসকলৰ দিনটো ভালেই৷ ঘৰুৱা মধ্যম ৷ নিবনুৱাৰ ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
তুলা : আপুনি আজি ঘৰৰ পৰা ওলোৱাৰ আগত মন্দিৰত চাকি জ্বলাই ওলাব৷ সন্তানৰ পৰা ভাল খবৰ পাব৷ চাকৰিৰ ক্ষেত্রত ভাল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
বৃশ্চিক : পতি–পত্নীৰ মাজত মনোমালিন্য দেখা যায়৷ খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
ধনু : সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৱেগ বর্জন কৰক৷ বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰৰ প্রতি যত্ন লওক৷ প্রেমত অশুভ৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷
মকৰ : বিয়া–বাৰুৰ যোগাযোগত বাধা আহিব৷ দূৰ ভ্রমণ আছে৷ প্রেমত মধ্যম৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৭৷
কুম্ভ : সামাজিক ব্যস্ততা বৃদ্ধি হ’ব৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ স্বাস্থ্য ঠিকেই থাকিব৷ গৱেষণা কর্মত অগ্রগতি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷
মীন : দিনটো বিদ্যাত সিমান বাধা নাই৷ শৰীৰৰ ভালেই দেখা যায়৷ বন্ধুৰ পৰা সহায় পাব৷ প্রেমত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ২৷

You might also like