নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ আগষ্ট, ভাদ মাহৰ ১৩ তাৰিখ

বৃহস্পতিবাৰঃ তিথি–পূর্ণিমা, নক্ষত্রঃ শতভিষা, যাত্রাঃ শুভ

মেষঃ উন্নত পৰিৱেশ৷ মানসিক দিশতো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে৷

বৃষঃ প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র৷ শৰীৰ মধ্যম৷ বিদ্যাত যত্ন ৰাখক৷

মিথুনঃ আজিও খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানে চলাটো উচিত হ’ব৷ বাধ্যবাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷

কর্কটঃ এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷

সিংহঃ বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধানে থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ প্রেমত গতানুগতিক৷

কন্যাঃ শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ য’তে–ত’তে একো মন্তব্য নিদিব৷ সমগ্র দিনটো আপোনাৰ উৎসাহজনক৷

তুলাঃ আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি অশান্বিত হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷ শিল্পীৰ উৎসাহ৷

বৃশ্চিকঃ খৰচ–পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক–ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে৷

ধনুঃ ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিন্তও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ জ্ঞাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷

মকৰঃ কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম সময়৷

কুম্ভঃ অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল৷

মীনঃ অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত খুচি হ’ব পাৰে৷ দাম্পত্যত বেয়া নহ’ব৷

You might also like