নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ অক্টোবৰ, কাতি মাহৰ ৬ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : আজি আপোনাৰ দিনটো বৰ ভাল দেখা যায়৷ দূৰ যাত্রা নকৰিব৷ দেহভাগ উত্তম বুলি যিকোনো নতুন কাম–কাজ কৰোঁতে উৎসাহ আহিব৷ শুভ ৰং ইটা, শুভ সংখ্যা ২৷
বৃষ : হাত–ভৰিৰ বিষ–বেদনা অনুভৱ কৰিব পাৰে৷ তেজৰ বেমাৰ হ’লেও তাৰ পৰা উপশম পাব৷ সন্তানৰ শুভ৷ দাঁতৰ বেমাৰৰ পৰা ভাল হোৱাৰ সম্ভাৱনা বেছি৷
মিথুন : মানসিক অৱস্থা ঠিকেই থাকিব৷ চলাফুৰাত সাৱধান থাকিব৷ আপোনাৰ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত ভালেই যদিও অর্থ আয় কৰিব নোৱাৰিব৷
কর্কট : সন্তানৰ বিবাহৰ যোগ আছে৷ যাত্রাৰ বাবে এই ৰাশিৰ জাতক–জাতিকাৰ শুভ দিন৷ ঘৰুৱা পৰিৱেশ ভাল বুলি ক’ব পাৰি৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷
সিংহ : চাকৰিয়ালৰ বাবে ভাল৷ সন্তানৰ সুস্বাস্থ্যৰ বাবে সৰু দুখীয়া ল’ৰা–ছোৱালীক বগা বস্তু খাবলৈ দিব৷ নিশাৰ ভাগত লঘোণে থাকিব৷
কন্যা : পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাৱনা৷ মানসিক দিশত ভালে যাব, দিনটো শেষৰ ফালে সৰু–সুৰা ৰোগত কষ্ট পাব পাৰে৷ দূৰ ভ্রমণত আঘাতপ্রাপ্তিৰ সম্ভাৱনা নথকা নহয়৷
তুলা : দেহত এলাহ ভাব থাকিব পাৰে৷ দেহ–মনত কষ্ট অনুভৱ হ’ব৷ নতুন কর্মত হাত নিদিয়াই ভাল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷
বৃশ্চিক : দুর্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভাৱনা৷ ব্যৱসায় ক্ষেত্রত শুভ৷ স্বাস্থ্য ভালেই৷ বিদ্যার্থীসকলৰ দিনটো শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
ধনু : এই ৰাশিৰ জাতক–জাতিকাৰ শুভ দিন ৷ সুফলৰ বাবে লগত ৰুমাল ৰাখিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
মকৰ :  শাৰীৰিক ফালেদি মধ্যমৰ কাৰক যদিও মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে৷ ডাক্তৰৰ পৰামর্শ লোৱা ভাল৷
কুম্ভ : ওচৰ–চুবুৰীয়াৰ লগত কাজিয়া–পেচালত মন বেয়া হ’ব পাৰে৷ দেহ–মনত দুর্বলতা প্রকাশ পাব যদিও চিন্তাৰ একো কাৰণ নাই৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৮৷
মীন : ঘৰৰ পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি৷ পিতৃ–মাতৃৰ শৰীৰ বিশেষ ভালেৰে নাযাব৷ সন্তানৰ লগত কোনো বিৰোধ হ’ব পাৰে৷ ব্যৱসায়ত উন্নতি৷

You might also like