নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ নৱেম্বৰ, কাতি মাহৰ ১৯ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : শ্রাৱনা, যাত্রা : নাই

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট : পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ ভ্রমণৰ যোগ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল, তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম, বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল অলপ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূর্বাষাঢ়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি৷ বিদ্যাত বাধা কম৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনো প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ : ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে, লোহা–লক্কৰ, ইস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ সৰু– সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like