আজি ৭ নৱেম্বৰ, কাতি মাহৰ ২০ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণাদশমী, নক্ষত্র : মঘা, যাত্রা : নাই
মেষ : এই ৰাশি জাতক–জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷ ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ বিদ্যার্থীসকলৰ শুভ৷ প্রেমত শুভ৷
বৃষ : শুভ প্রভাৱৰ ফলত কন্যা বা পুত্রৰ বিবাহৰ যোগ দেখা যায়৷ বেয়া-ভালৰ মাজত দিনটো পাৰ হ’ব ৷ শুভ ৰং ৰঙা, সংখ্যা ২৷
মিথুন : কর্মক্ষেত্রত শত্রুৱে প্রতিনয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷
কর্কট : আর্থিক ক্ষেত্রত উন্নতি দেখা যায়৷ ভ্রমণৰ যোগ৷ সন্তানৰ বিদ্যাক লৈ চিন্তা থাকিব৷ বিবাহৰ যোগ ৷ শত্রুৰ পৰা সাৱধান৷
সিংহ : বিভিন্নফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ সংসাৰত অশান্তিৰ ফলত মন অশান্তিত থাকিব ৷ নীলা কাপোৰ পৰিধান কৰিব৷
কন্যা : ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিকত মাধ্যম৷ লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ কৰিব৷ যাত্রা নকৰাই ভাল৷
তুলা : মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্রত জটিলতা দেখা দিব পাৰে৷ টকা–পইচা লেনদেন নকৰাই ভাল৷ বিদ্যার্থীৰ কাৰণে ভাল৷
বৃশ্চিক : নিজৰ কোনো মানুহ শত্রু হৈ উঠিব পাৰে৷ যান-বাহনৰ পৰা সতর্ক থাকিব৷ চাকৰিয়ালসকলৰ দিনটো মানসিক চিন্তাত ভুগিব৷ বিদ্যার্থীৰ কাৰণে ভাল৷
ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটো চিন্তাত পেলাব৷ যান–বাহন ক্রয় কৰাৰ যোগ দেখা যায়৷ বিভিন্ন কাৰণত সাংসাৰিক অশান্তি বৃদ্ধি পাব৷
মকৰ : ভাল–বেয়াৰ মাজত দিনটো পাৰ হ’ব৷ চাকৰিৰ ক্ষেত্রত কোনো জটিলতাই দেখা দিব৷ বিদ্যার্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্রত বাধা৷ দূৰ ভ্রমণ দেখা যায়৷
কুম্ভ : দিনটো কামৰ ব্যস্ততা বৃদ্ধি৷ প্রেম আৰু দাম্পত্য জীৱনত জটিলতা দেখা যায়৷ আর্থিকত ভাল৷ যাত্রা নকৰাই ভাল৷
মীন : পুৱা গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব৷ দিনটো নিৰামিষ খাব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ শুভ ৰং নীলা, সংখ্যা ৫৷