নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ নৱেম্বৰ, আঘোণ মাহৰ ৭ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই

মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুন : সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ বিদ্যাত জটিলতা দেখা দিব৷ সৰু–সুৰা ভ্রমণ আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
কর্কট : আর্থিকত বিশেষ অসুবিধা দেখা নাযায়৷ প্রাপ্য ধন আদায় কৰিব পাৰিব৷ কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব৷ প্রেমত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
সিংহ : যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থ লাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কন্যা : পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ বেচৰকাৰী চাকৰিয়ালসকলে কর্মক্ষেত্রত বাধা পাব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
তুলা : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্য৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ গতিকে চাইচিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
ধনু : বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মকৰ : এই সময়ত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে বিশেষ শুভ৷ বিদ্যাত যোগ বাঢ়িব৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
কুম্ভ : ভাই–ভনীৰ পৰা সমাদৰ পাব৷ দিনটোত ধন কষ্ট পাব পাৰে৷ প্রেমত সতর্ক হওক৷ পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব৷ বিদ্যাত বাধা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
মীন : ধনাগম বৃদ্ধি পাব৷ বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

You might also like