নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ নৱেম্বৰ, আঘোণ মাহৰ ১১ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্র : ৰোহিণী, যাত্রা : নাই

মেষ : মঙলৰ শুভ প্রভাৱত ধন আৰু ভূ–সম্পত্তি লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে৷ প্রেম–প্রণয়ত সাফল্য আহিব৷ দিনটোত শাৰীৰিক দুর্বলতা দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷
বৃষ : পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব৷ কিবা কাৰণত অর্থ ক্ষতিৰ সম্ভাৱনা দেখা যায়৷ সম্পদপ্রাপ্তিৰ যোগ আছে৷ পুত্র–কন্যাৰ উন্নতিৰ যোগ৷ শাৰীৰিক কষ্ট পাব৷ বিদ্যার্থীৰ মধ্যম ফল৷
মিথুন : বুধৰ শুভ প্রভাৱত কর্মত সুখ্যাতি লাভৰ যোগ৷ হিংস্র জীৱ–জন্তুৰ পৰা সতর্কতা অৱলম্বন কৰিব৷ সামাজিক ক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ অযথা অর্থ ব্যয় হ’ব পাৰে৷ বিদ্যার্থীৰ শুভ৷
কর্কট : পিতৃ–মাতৃৰ কাৰণে চিন্তা থাকিব৷ কোনোবাই মিছা অপবাদ উঠাব পাৰে৷ যান–বাহন লাভৰ যোগ দেখা যায়৷ দিনটোত কিবা কাৰণত হতাশাত ভুগিব পাৰে৷
সিংহ : অশুভ ৰাহুৰ কাৰণে ন্যায্য ধনপ্রাপ্তিৰ ক্ষেত্রত বাধা থাকিব৷ চোৰৰ পৰা সতর্ক থাকিব৷ ভ্রাতৃৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ ৰাহুৰ বাধা থাকিব৷
কন্যা : বুধৰ প্রভাৱত ব্যৱসায়–বাণিজ্য আৰু আর্থিক ক্ষেত্রত কিছু হ’লেও পৰিৱর্তন আহিব৷ ঘৰত প্রিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷
তুলা : সন্তানাদিৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা থাকিব৷ দিনটো বিশেষ শুভ বুলি ক’ব নোৱাৰি৷ গতিকে সাৱধানত চলা–ফুৰা কৰিব৷ পৰিবাৰিক ক্ষেত্রত শুভ৷ উচ্চ বিদ্যা লাভৰ উদ্দেশ্যত বাহিৰলৈ যোৱাৰ যোগ৷ প্রেমত অশুভ৷
বৃশ্চিক : অযথা কোনোবাৰ লগত বিবাদত জড়িত হ’ব৷ অশুভ শনিৰ প্রভাৱত বিদ্যার্থীৰ বুদ্ধি নাশৰ যোগ৷ কর্মক্ষেত্রত পদপ্রাপ্তিৰ যোগ৷ অপ্রত্যাশিতভাৱে বাধা পৰিব৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷
ধনু : বুধৰ শুভ প্রভাৱত কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত খেলিমেলি হ’ব পাৰে৷ মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ বন্ধুৰ লগত মত বিৰোধ দেখা দিব পাৰে৷ শৰীৰৰ প্রতি লক্ষ্য ৰাখিব৷
মকৰ : শনিৰ অশুভ প্রভাৱৰ ফলত আর্থিক সংকটত পৰিব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা৷ আত্মীয়–স্বজনৰ লগত বিবাদ দেখা দিব পাৰে৷ পেট সংক্রান্তীয় কিবা সমস্যা দেখা দিব পাৰে৷ বিদ্যার্থীৰ শুভ৷
কুম্ভ : পাৰিবাৰিক ক্ষেত্রত শুভ৷ ভ্রমণত সমস্যা দেখা দিব পাৰে৷ গৃহ নির্মাণৰ পৰিকল্পনা কৰিব পাৰে৷ আর্থিক সংকটত ভুগিব পাৰে৷ ব্যৱসায়–বাণিজ্যত ভবা মতে ফল নাপাব৷ বিদ্যার্থীৰ মধ্যম৷
মীন : কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক বিবাদৰ ফলত মনৰ গতি ভালেৰে নাযাব৷ ভ্রমণত শাৰীৰিক সমস্যা দেখা দিব পাৰে৷ আয় উন্নতিৰ যোগ৷

You might also like