নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ জানুৱাৰী, পুহ মাহৰ ২০ তাৰিখ, শনিবাৰ

তিথিঃ কৃষ্ণা দশমী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই

মেষঃ পুৱা দহ বজালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃষঃ কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মিথুনঃ পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

কর্কটঃ আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ সু–সংবাদ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

সিংহঃ কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাবনা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কন্যাঃ বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ বিদ্যাত অনুকূল পৰিৱেশ৷ ভ্রমণ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

বৃশ্চিকঃ কোনোৱে আশাৰে কৰা আপেক্ষা কিছু সফল৷ কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ নতুন সংযোগৰ আশা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

ধনুঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ পঢ়াশুনাত খেলিমেলি থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মকৰঃ আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ ভ্রমণৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

কুম্ভঃ আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাৱ ৰাখিবলৈ সক্ষম হ’ব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১৷

মীনঃ আকস্মিক কোনো সুযোগ বা সহায়ৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

You might also like