নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ জানুৱাৰী, পুহ মাহৰ ২৮ তাৰিখ
দেওবাৰ : তিথি– শুক্লা তৃতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ

মেষ : কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ। দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰীৰ পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
বৃষ : কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে৷ শিৱ মন্দিৰ দর্শন কৰক৷ পিছবেলা ভ্রমণ নকৰিব৷ কমলা ৰং শুভ৷ শুভ সংখ্যা ৫৷
মিথুন : কর্মব্যস্ততা বাঢ়িব৷ আর্থিক সম্পত্তি লাভ কৰিব৷ দাম্পত্যত মধ্যম৷ যান–বাহনৰ পৰা সতর্ক হওক৷ নীলা ৰং শুভ৷ শুভ সংখ্যা ৩৷
কর্কট : কর্মস্থানত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ধনাগমন বৃদ্ধি৷ আঁকোৰগোজ মনোভাবে ক্ষতি কৰিব৷ ভ্রমণত শুভ৷ নীলা ৰং শুভ৷ শুভ সংখ্যা ১৷
সিংহ : আর্থিকত মধ্যম৷ কর্মস্থানত আশা কৰা মতে সফল হ’ব৷ জ্ঞানী ব্যক্তিৰ দর্শনে অনুপ্রেৰণা যোগাব ৷ স্বাস্থ্য মধ্যম৷ বগা ৰং শুভ৷ শুভ সংখ্যা ৫৷
কন্যা : সুসংবাদৰ যোগাযোগে আনন্দ দিব৷ কর্মক্ষেত্রত দায়িত্ব সম্পর্কে সচেতন থাকক৷ ক’লা গৰুক ৰুটী খুৱাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
তুলা : কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব৷ শৰীৰ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ ৰঙা শুভ ৰং৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ শুভ সংখ্যা ৪৷
বৃশ্চিক : অত্যধিক পৰিশ্রম হ’ব পাৰে৷ কর্ম আৰু দাম্পত্যত শুভ৷ দূৰ ভ্রমণ কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি৷ গণেশক পূজা কৰিব৷ হালধীয়া ৰং শুভ৷ শুভ সংখ্যা ৩৷
ধনু : কর্মক্ষেত্রত মধ্যম৷ খৰচৰ মাত্রা বাঢ়িব৷ দুশ্চিন্তাই মনৰ অস্থিৰতা বৃদ্ধি কৰিব৷ শৰীৰৰ প্রতি যত্ন লওক৷ আনৰ কথাত গুৰুত্ব নিদিব৷ আকাশী ৰং শুভ৷ শুভ সংখ্যা ৩৷
মকৰ : ব্যৱসায়–বাণিজ্যত অধিক লাভৱান হ’ব৷ বিদ্যার্থীৰ শুভ৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ গোপন শত্রু বাঢ়িব৷ বেঙুনীয়া ৰং শুভ৷ শুভ সংখ্যা ৬৷
কুম্ভ : হঠাৎ অর্থ লাভ হ’ব পাৰে৷ জটিল সমস্যাৰ পৰা মুক্ত হ’ব৷ মানসিক সন্তুষ্টি লাভ কৰিব৷ সন্মান বৃদ্ধি পাব৷ কমলা ৰং শুভ৷ শুভ সংখ্যা ১৷
মীন : ব্যৱসায়ত শুভ৷ পদোন্নতিৰ যোগ৷ পাৰিবাৰিক শান্তি৷ বিদ্যাত মধ্যম৷ বন্ধুৰ পৰা আনন্দ লাভ৷ ৰঙা শুভ ৰং৷

You might also like