নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ ফেব্রুৱাৰী, মাঘ মাহৰ ২৩ তাৰিখ
বুধবাৰঃ কৃষ্ণা দ্বাদশী, নক্ষত্রঃ পূর্ব্বষাঢ়া, যাত্রাঃ নাই

মেষঃ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধনৰ আগমনৰ সম্ভাৱনা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

বৃষঃ কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা– গধূলি শিৱৰ জপ কৰক৷ ৰঙা বস্ত্র পৰিধান কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

মিথুনঃ দিনটো শুভ৷ নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ২২টাৰ পিছত কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷

কর্কটঃ অর্থ প্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে৷ শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷

সিংহঃ কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব পাৰে৷ আর্থিক উন্নতি নিশ্চিত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

কন্যাঃ আর্থিক দিশত মধ্যমীয়া৷ দূৰ সংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷

তুলাঃ দিনটো মধ্যমীয়া৷ প্রেমত শুভ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ অর্থৰ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিক হোৱা ঘটনাই আনন্দিত কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

ধনুঃ শৰীৰটোৰ প্রতি যত্ন লোৱাৰ প্রয়োজন৷ মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতিৰ যোগ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

মকৰঃ আজি চলা–ফুৰা কৰোঁতে সাৱধান হ’ব৷ বিদ্যার্থীসকলে মনোযোগ দিব লাগিব৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব লাগিব৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ২৷

কুম্ভঃ কর্মত উন্নতিৰ যোগ আছে৷ শিক্ষার্থীৰ বাবে সময়টো ভাল নহয়৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷

মীনঃ কর্মত বাধা আছে৷ যিকোনো কাম কৰাৰ আগতে ভাবি–চিন্তি আগবাঢ়ক৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

You might also like