নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সেউজ উদ্ভাৱন

অসম চৰকাৰে শেহতীয়াভাৱে ‘সেউজ উদ্ভাৱন’ নামেৰে এক অভিলাষী প্রকল্পৰ ঘোষণা কৰিছে৷ সাম্প্রতিক সময়ত পৰিৱর্তিত জলবায়ুৰ সমস্যাই সমগ্র বিশ্বকে আক্রান্ত কৰিছে আৰু এই সমস্যাটিক এটা বিশ্বজনীন সমস্যা হিচাপে গ্রহণ কৰি সমগ্র বিশ্বই জলবায়ু সংক্রান্তীয় সমস্যাৰ সমাধানৰ বাবে বিভিন্ন ধৰণে চেষ্টা কৰিছে৷ অসম চৰকাৰৰ এই প্রচেষ্টা এটা বিশ্বজনীন প্রকল্পৰ অংগ আৰু এই প্রকল্পৰ সফলতাই অসমক এখন আধুনিক ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাত সহায় কৰিব৷ অসম বিখ্যাত ইয়াৰ সেউজ শোভা আৰু সম্পদৰ বাবে৷ একে সময়তে অসমত সেউজ সম্পদ ধ্বংস কৰাৰ সংবাদেও বাতৰিকাকতৰ পৃষ্ঠা অধিকাৰ কৰে৷ হাজাৰ হাজাৰ এক মাটিৰ বনজ সম্পদ চোৰাং ব্যৱসায়ীৰ হাতত ধ্বংস হোৱা খবৰ আহিয়েই থাকে৷ সেউজ উদ্ভাৱনী প্রকল্প সফল কৰাৰ সমান্তৰালভাৱে এনে ধ্বংসাত্মক কার্যৰ সমাপ্তিৰ নিশ্চয়তাও চৰকাৰে দিব পাৰিব লাগিব৷ এই অপৰাধ কাম–কাজ নিয়ন্ত্রণ কৰাৰ ক্ষমতা আৰু সুবিধা অকল চৰকাৰৰ হাততহে থাকে৷ সেউজ উদ্ভাৱনৰ প্রকল্প প্রস্তাৱৰ লগতে চৰকাৰে সেডজ ডদ্ভাৱনক ধাৰাবাহিক গতি দিবলৈ উপযুক্ত নীতি সৃষ্টি আৰু বলৱৎ কৰিব পাৰে৷ বিশেষকৈ কৰ ৰেহাই, ৰাজসাহায্য আদিৰে উদ্যোগী, ব্যৱসায়ী আৰু ব্যক্তিক বহনক্ষম পদ্ধতি গ্রহণ কৰি সেউজ সজাগতা আৰু ৰূপান্তৰমুখী কামলৈ ডৎসাহিত কৰিব পাৰে৷ এইধৰণৰ কাম এদিনৰ এটা প্রস্তাৱতে সফল নহয়, ইয়াৰ বাবে প্রয়োজন ধাৰাবাহিক কাম, গৱেষণা আৰু উন্নয়নৰ পদ্ধতি উদ্ভাৱন৷ সেডজ প্রযুক্তি আৰু বহনক্ষম পদ্ধতিৰ বাবে গৱেষণা আৰু ডন্নয়নত বিনিয়োগে ডদ্ভাৱনক প্রেৰণা দিব পাৰে৷ নৱীকৰণযোগ্য শক্তি, পৰিৱেশ–বন্ধুত্বপূর্ সামগ্রী আৰু অন্যান্য পৰিৱেশ ডপকাৰী প্রযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা গৱেষণামূলক পদক্ষেপৰ বাবে চৰকাৰে ধন আবণ্টন কৰি এই কামটোৰ ধাৰাবাহিকতাক উন্নত পর্যায়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ একে সময়তে পৰিৱেশ আৰু সেউজ পদ্ধতিৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চৰকাৰী পদক্ষেপ গ্রহণ কৰাটো জৰুৰী৷

যিহেতু পৰিৱেশ পৰিৱর্তনৰ সমস্যাটি এটা বিশ্বজনীন সমস্যা, সেই স্থলত পৰিৱেশজনিত প্রত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে আন্তঃৰাষ্ট্রীয় সহযোগিতা আৰু চুক্তিৰ কথাও চিন্তা কৰিব পাৰে৷ জলবায়ু পৰিৱর্তন, বনাঞ্চল ধ্বংস, জৈৱ–বৈচিত্র্য সংৰক্ষণ আদি বিষয়ত একেলগে কাম কৰিলে তাৰ ফল অধিক কামত অহাৰ সম্ভাৱনা থাকে আৰু একে সময়তে চিন্তা আৰু গৱেষণাৰ দিশত নতুন নতুন দিশ উন্মোচন হোৱাৰ আশাও থাকে৷ জলবায়ু পৰিৱর্তনৰ অন্যতম প্রধান কাৰক হিচাপে চিহ্ণিত হৈছে কার্বন নিষ্কাশন৷ সালোক সংশ্লেষণৰ সময়ত গছবোৰে কার্বন–ডাই–অক্সাইড্ শোষণ কৰি বায়ুমণ্ডলক পৰিশোধন কৰাত সহায় কৰে৷ বৃহৎ পৰিসৰত গছ ৰোপণ কৰিলে কার্বন নিষ্কাশনত অৰিহণা যোগায়, যিয়ে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত সহায় কৰে৷ এই বৃক্ষৰোপণৰ অর্থ অকল অৰণ্য নির্মাণেই নহয়, ভূমিখণ্ডৰ সম্ভাব্য সকলো ঠাইতে ঠাইখণ্ডৰ প্রয়োজন অনুসৰি গছ–গছনি ৰোৱা আৰু প্রতিপালন কৰা৷ দীর্ঘকাল জীয়াই থকা গছ ৰোপণৰ প্রয়োজনীয়তাৰ লগে লগে কম সময়ত পূৰঠ হোৱা গছৰো প্রয়োজন থাকে, এই কাৰণ মূলতঃ ব্যৱহাৰিক৷ গছ ৰোপণৰ আঁচনি প্রস্তুত কৰা সময়ত এই ব্যৱহাৰিক দিশটোৰ কথা মনত ৰাখিব লাগিব আৰু দুইবিধৰ মাজত সন্তুলন ৰক্ষিত হ’ব লাগিব৷ বর্তমান সময়ত নগৰীয়া সেডজীয়াকৰণৰ ধাৰণাই আলোডনৰ সৃষ্টি কৰিছে৷ নগৰ পৰিকল্পনাত সেডজ ডদ্ভাৱনৰ ভিতৰত চহৰসমূহত সেডজীয়া স্থান সৃষ্টি, বায়ুৰ গুণাগুণ ডন্নত কৰা আৰু নগৰীয়া তাপদ্বীপৰ প্রভাৱ হ্রাস কৰিবলৈ কৌশলগতভাৱে গছ ৰোপণ কৰাটো অন্তর্ভুক্ত কৰাটো জৰুৰী৷ চহৰবাসীৰ সামগ্রিক মংগলৰ বাবে ইয়াৰ কোনো বিকল্প নাই৷ অসমত ব্যাপক হাৰত হৈ থকা পথ নির্মাণ আৰু অন্য নির্মাণে জলবায়ুৰ গুণগত মানত আঘাত হানিছে৷ এনেধৰণৰ নির্মাণৰ লগে লগে তাৰ চৌপাশে সেউজ অঞ্চল নির্মাণ কৰি উলিওৱাটোও চৰকাৰৰ সেউজ নীতিৰ অন্তর্ভুক্ত হোৱাটো উচিত৷ চৰকাৰৰ সেউজ উদ্ভাৱন প্রকল্প ৰূপায়ণ কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ ওপৰত৷ সেউজ উদ্ভাৱন প্রকল্পটি এই পৰিষদৰ বাবে এই প্রত্যহ্বান আৰু ইয়াৰ সফলতাই অসমৰ বিজ্ঞান জগতৰ ছবিখন কিছু উজ্জ্বল কৰি তুলিব পাৰিব৷

You might also like