আজি ২০ ফেব্রুৱাৰী, ফাগুন মাহৰ ৭ তাৰিখ
মঙলবাৰ : শুক্লা একাদশী, নক্ষত্র : আদ্রা, যাত্রা : শুভ
মেষ : ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ বিশেষ কিবা পৰিৱর্তনৰ আশা নকৰাই ভাল হ’ব৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ প্রেমত অশুভ ফল৷
বৃষ : সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফলদায়ক৷ প্রেম–প্রীতিত অশুভ ফল৷
মিথুন : বুধৰ শুভ প্রভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ কর্মক্ষেত্রত অশান্তি৷ ব্যৱসায়–বাণিজ্যত উন্নতি অব্যাহত থাকিব৷ দাম্পত্য আৰু প্রেমত শুভ৷
কর্কট : মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ একাধিক সুযোগ–সুবিধা বেয়া হ’ব পাৰে৷ পাৰিবাৰিক দিশত কিবা বিষয়লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে৷
সিংহ : পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ প্রেম, দাম্পত্য বা পাৰিবাৰিক বিষয়লৈ কাজিয়া–পেছালৰ সম্ভাৱনা দেখা যায়৷ বিদ্যার্থীৰ মধ্যম ফল৷
কন্যা : পৰিশ্রম অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ প্রেম আৰু দাম্পত্যত শুভ৷
তুলা : বিশেষ কোনো গুণৰ বাবে সন্মানপ্রাপ্তিৰ যোগ৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও মানসিক অশান্তি থাকিব৷ বিদ্যার্থীৰ শুভ৷
বৃশ্চিক : শনি অশুভ হোৱা বাবে খং–ৰাগ অত্যধিক বৃদ্ধি পাব৷ অনাৱশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ৷ কিবা কাৰণত ঋণ ল’ব লগা হ’ব পাৰে৷ দুর্ঘটনাৰ যোগ৷
ধনু : শাৰীৰিক দিশত আঘাত প্রাপ্তিৰ যোগ৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ প্রেম আৰু দাম্পত্যত শান্তি বজাই থাকিব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যার্থীৰ মধ্যম ফল৷
মকৰ : কর্মক্ষেত্রত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ আবেলিৰ ভাগত আর্থিক ক্ষেত্রত পৰিৱর্তন লক্ষ্য কৰা যায়৷
কুম্ভ : কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ বৃদ্ধি পাব৷ শত্রুৰ পৰা সতর্ক থাকিব৷
মীন : মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ আবেলিৰ ভাগত কিছু সমস্যাই দেখা দিব পাৰে৷ বৃহস্পতিৰ শুভ প্রভাৱত নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷