নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ ফেব্রুৱাৰী, ফাগুন মাহৰ ৮ তাৰিখ
বুধবাৰ : শুক্লা দ্বাদশী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : শুভ সিদ্ধিযোগ

মেষ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটোৰ আৰম্ভণিতে ৰঙা কাপোৰ পিন্ধিব৷ প্রেমত শুভ৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ সংখ্যা ২৷
বৃষ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটোত আৰম্ভণিতে হালধীয়া ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ বিদ্যার্থীৰ শুভ৷ প্রেম–প্রণয়ত শান্তি৷
মিথুন : এই ৰাশিৰ জাতক–জাতিকাসকলৰ ব্যৱসায়ত নতুন পৰিচয় লাভ হ’ব৷ কর্মৰ ক্ষেত্রত অর্থ ব্যয় হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷
কর্কট : ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিয়া ভাল৷ ঘৰত আলহীৰ আগমন হ’ব পাৰে৷ দিনটো শুভ৷ শুভ ৰং নীলা৷
সিংহ : আজিৰ দিনটোত ধৈর্যসহকাৰে কাম কৰিলে মাহটোত ভাল ফল পাব৷ আজি আপোনাৰ দুর্বলতাৰ সুযোগ লৈ কোনোবাই ক্ষতি কৰিব৷ শুভ ৰং সেউজীয়া৷
কন্যা : কর্মৰ ক্ষেত্রত অর্থ লাভ হ’ব৷ ব্যৱসায়ীসকলৰ লোকচান হ’ব৷ বিপদ আহিব পাৰে৷ বিদ্যার্থীৰ অশুভ৷ শুভ ৰং ক’লা৷
তুলা : মানসিক অশান্তি বৃদ্ধি পাব৷ ব্যৱসায়ত শুভ৷ প্রেমত মতভেদ৷ উত্তৰ দিশে ভ্রমণ নকৰিব৷ শুভ ৰং গুলপীয়া৷
বৃশ্চিক : পৰিয়ালৰ শুভ৷ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্রত চিন্তা৷ কাজ–কর্মত উৎসাহ৷ দুর্ঘটনা হোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং বগা৷
ধনু : প্রেম–প্রণয়ত শান্তি৷ পুৰণা বন্ধুক লগ পাব৷ বিদ্যার্থীসকলে কোনো বিশ্ববিদ্যালয়ত নতুন সুযোগ পাব৷ শুভ ৰং মেৰুন৷
মকৰ : প্রেমত শুভ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ বিদ্যার্থীসকলে কষ্ট কৰিব লাগিব৷ দিনটো কষ্টৰে পাৰ হ’ব৷ শুভ ৰং ৰঙা৷
কুম্ভ : চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ৷ খৰচ বৃদ্ধি৷ ভ্রমণ কষ্টদায়ক৷ সুখ–শান্তিৰে দিনটো পাৰ হ’ব৷ শুভ ৰং গেৰুৱা৷
মীন : প্রেমত শুভ৷ শিক্ষাৰ ক্ষেত্রত অসুবিধা৷ ভ্রমণৰ যোগ৷ বন্ধুৰ পৰা সহায় লাভ৷ শুভ ৰং ৰঙা৷

You might also like