নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ মার্চ, ফাগুন মাহৰ ২৫ তাৰিখ
শনিবাৰঃ তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ শুভ

মেষঃ শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘিউ চাকি এগজ জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷

বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷

মিথুনঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷

সিংহঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাব পাব পাৰে৷ পাৰিলে থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ বেল গছৰ গুৰিত ধূপ–চাকি জ্বলাব৷

কন্যাঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷

তুলাঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷

ধনুঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ চাকৰিৰ খবৰ আহিব পাৰে৷

মকৰঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ সন্তানৰ শুভ৷ ভিক্ষাৰীক ভোজন কৰাব৷ পাৰিলে ভাল৷

কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷

মীনঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like