নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জুন, দেওবাৰ, জেঠ মাহৰ ২৬ তাৰিখ

মেষ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

বৃষ : বন্ধুৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ দাম্পত্যত মতবিৰোধ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

মিথুন : পুৱা দহ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপোনাক জড়িত কৰি তুলিব৷ বিদ্যাত মধ্যম৷ মাতা–পিতাৰ কাৰণে দিনটো শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

কর্কট : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক৷ আর্থিক দিশত আয়ৰ মাত্র বৃদ্ধি পাব৷ প্রেমত বাধা৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ২৷

সিংহ : দুই–এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে৷ কর্মক্ষেত্রত মানসিক অশান্তিৰ কাৰকতা৷ প্রেমত আনন্দ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

কন্যা : কর্মক্ষেত্রত জটিলতা কিছু হ্রাস পাব৷ দাম্পত্যত মধ্যম৷ ৰাজনীতিবিদসকলে বিশেষ সতর্ক হওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলা : প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন আশা দেখি উৎসাহিত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

বৃশ্চিক : কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লভিব৷ মানসিক অৱস্থা মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

ধনু : খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ প্রেমত বাধা৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

কুম্ভ : পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

You might also like