নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুন, জেঠ মাহৰ ২৭ তাৰিখ
সোমবাৰ : তিথি– শুক্লা চতুর্থী, নক্ষত্র : পুষ্যা, যাত্রা : নাই

মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল। দাম্পত্যত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

মিথুন : অনুকূল পৰিৱেশ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ, সন্মান আদিৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷

কর্কট : গুৰুজনাৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

সিংহ : উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব৷

কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে৷ বিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬৷

তুলা : ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷

বৃশ্চিক : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

ধনু : ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

মকৰ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷

কুম্ভ : সাৱধানেৰে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰত থাকক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷

মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ভ্রমণত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

You might also like