নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ জুন, আহাৰ মাহৰ ৪ তাৰিখ
বুধবাৰ : তিথি– শুক্লা দ্বাদশী, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : আগবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকক৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

বৃষ : শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্রভাৱ নাই৷ দুশ্চিন্তা থাকিব৷ কিন্তু সামগ্রিক ফলত কষ্ট নাপাব৷ দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব৷ বিদ্যাত উৎসাহ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

মিথুন : আজি বহু ক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে৷ বিদ্যাতো তদনুৰূপ৷ আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে৷ কম যদিও ব্যস্ততা থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ১৷

কর্কট : জ্ঞাতি–কুটুম্বৰ বাবে কাৰোবাৰ মনত সন্দেহ হ’ব পাৰে৷ বন্ধুৰ সহায়৷ প্রেম–প্রীতি কৰাসকলে বিবাহৰ কথা ভাবিব পাৰে৷ ঘৰুৱা মধ্যম৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷

সিংহ : প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ কর্মক্ষেত্রত আকস্মিক কোনো বাধা সূচিত হ’ব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত সুফল আশা কৰিব পাৰে৷ প্রেমত আৱেগ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৬৷

কন্যা : কর্মত তৎপৰতা থাকিব৷ কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে৷ পঢ়া–শুনাতো বেয়া নহ’ব৷ প্রেম–প্রীতিত উচিত কথাত বাধা৷ বিয়াৰ সংকেত৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ২৷

তুলা : উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক৷ আনৰ ওপৰত নির্ভৰ কৰা বৰ ভাল নহ’ব৷ বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক৷ ব্যৱসায়ত মধ্যম৷ প্রেমত আনন্দ৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৩৷

বৃশ্চিক : পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব৷ শৰীৰৰ পূর্বৰ তুলনাত শুভ৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যত কিছু চিন্তা থাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ২৷

ধনু : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ সংবাদত সুখ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

মকৰ : কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শৰীৰ ভালে নাযাব পাৰে৷ যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব৷ শুভ ৰং কফি৷ শুভ সংখ্যা ৬৷

কুম্ভ : উন্নত পৰিৱেশ অনুভৱ৷ বিদ্যাত চিন্তিত দেখা যায়৷ কর্মস্থানত শুভ৷ আর্থিকত মধ্যম৷ দূৰ ভ্রমণৰ সম্ভাৱনা প্রবল৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

মীন : বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৭৷

You might also like