নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ জুন, আহাৰ মাহৰ ৫ তাৰিখ
বৃহস্পতিবাৰ : তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র : অনুৰাধা, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধানে থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

বৃষ : আজি যাত্রা নকৰাই ভাল৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শিৱৰ আৰধনা কৰিব আজি৷ প্রেমত শুভ৷ শুভ সংখ্যা ২৷

মিথুন : ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল–তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব৷ বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

কর্কট : আজি মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ৷ প্রেমত শুভ৷ বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮৷

সিংহ : বিদ্যার্থীৰ কাৰণে শুভ৷ সামাজিক কামত ব্যস্ততা দেখা যায়৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব৷ শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া৷

কন্যা : খৰচ বৃদ্ধি৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ বিদ্যার্থীৰ কাৰণে শুভ৷ দিনটো মনোকষ্টত ভুগিব লাগিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

তুলা : বিবাহৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ কর্ম কৰিলে ভাল ফল পাব৷ প্রেম–প্রণয়ত উন্নত৷ ভ্রমণত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬৷

বৃশ্চিক : সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ চাকৰি ক্ষেত্রত আগবাঢ়িব পাৰে৷ দিনটো শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷

ধনু : অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়৷ বিভিন্ন ক্ষেত্রত সুযোগ নাহিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

মকৰ : নীলা কাপোৰ পৰিধান কৰি ওঁ ঐং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র ৮ বাৰ জপ কৰিব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

কুম্ভ : প্রেমত শুভ৷ দূৰ ভ্রমণ৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ নতুন কর্মত হাত দিব পাৰিব, দিনটো শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

মীন : নিৰামিষ ব্রত পালন কৰিব৷ বিদ্যার্থীৰ ভাল, প্রেম আৰু দাম্পত্যত ভালেই দেখা যায়৷ পিতৃৰ অসুখৰ চিন্তা৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

You might also like