নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জুন, আহাৰ মাহৰ ৬ তাৰিখ
শুকুৰবাৰ : তিথি– শুক্লা চতুর্দশী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : শুভ

মেষ : আজি আপোনাৰ দিনটো বৰ ভাল দেখা নাযায়৷ দেহ উত্তম বুলি যিকোনো নতুন কাম–কাজ কৰোঁতে উৎসাহ আহিব৷ শুভ ৰং ইটা, শুভ সংখ্যা ২৷

বৃষ : হাত–ভৰিৰ বিষ–বেদনা অনুভৱ কৰিব পাৰে৷ তেজৰ বেমাৰ হ’লেও তাৰ পৰা উপশম পাব৷ সন্তানৰ শুভ৷ দাঁতৰ বেমাৰৰ পৰা ভাল হোৱাৰ সম্ভাৱনা বেছি৷

মিথুন : মানসিক অৱস্থা ঠিকেই থাকিব৷ চলা–ফুৰাত সাৱধান থাকিব৷ আপোনাৰ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত ভালেই যদিও অর্থ আয় কৰিব নোৱাৰিব৷

কর্কট : সন্তানৰ বিবাহৰ যোগ আছে৷ যাত্রাৰ বাবে এই ৰাশিৰ জাতক–জাতিকাৰ শুভ দিন৷ ঘৰুৱা পৰিৱেশ ভাল বুলি ক’ব পাৰি৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

সিংহ : চাকৰিয়ালৰ বাবে ভাল৷ সন্তানৰ সু-স্বাস্থ্যৰ বাবে সৰু দুখীয়া ল’ৰা–ছোৱালীক বগা বস্তু খাবলৈ দিব৷ নিশাৰ ভাগত লঘোনে থাকিব৷

কন্যা : পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাৱনা৷ মানসিক দিশত ভালে যাব৷ দিনটো শেষৰ ফালে সৰু–সুৰা ৰোগত কষ্ট পাব পাৰে৷

তুলা : দেহত এলাহ ভাব থাকিব পাৰে৷ দেহ–মনত কষ্ট অনুভৱ হ’ব৷ নতুন কর্মত হাত নিদিয়াই ভাল৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

বৃশ্চিক : দুর্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ ক্ষেত্রত শুভ৷ স্বাস্থ্য ভালেই৷ বিদ্যার্থীসকলৰ দিনটো শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

ধনু : এই ৰাশিৰ জাতক–জাতিকাই আজি ক’লা মেকুৰীক পায়স খাব দিব৷ সুফলৰ বাবে লগত এখন ৰুমাল ৰাখিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷

মকৰ : শাৰীৰিক মধ্যমৰ কাৰক যদিও মাহটোৰ মাজভাগত মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে৷ ডাক্তৰৰ পৰামর্শ লোৱা ভাল৷

কুম্ভ : ওচৰ–চুবুৰীয়াৰ লগত কাজিয়া–পেচালত মন বেয়া হ’ব পাৰে৷ দেহ–মনত দুর্বলতা প্রকাশ পাব যদিও চিন্তাৰ একো কাৰণ নাই৷ শুভ ৰং মুগা, শুভ সংখ্যা ৮৷

মীন : ঘৰৰ পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি৷ পিতৃ–মাতৃৰ শৰীৰ বিশেষ ভালেৰে নাযাব৷ সন্তানৰ লগত কোনো বিৰোধ হ’ব পাৰে৷ ব্যৱসায়ত উন্নতি৷

You might also like