নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুলাই, আহাৰ মাহৰ ২৫ তাৰিখ
বুধবাৰ : তিথি– শুক্লা চতুর্থী, নক্ষত্র : মঘা, যাত্রা : নাই

মেষ : সাৱধানে কামত আগুৱাওক৷ সন্তানৰ ভালেই৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ দাম্পত্যত বুজাবুজি ৰাখক৷

বৃষ : আর্থিকত কষ্ট অনুভৱ কৰিব৷ কর্মক্ষেত্রত যোগ্যতা দেখা যাব৷ লিখা–পঢ়াত অগ্রগতি৷ বন্ধু–বান্ধৱৰ আদৰ৷ শৰীৰ মধ্যম৷

মিথুন : প্রায় অনুকূল প্রভাৱ৷ শৰীৰো প্রায় ভালেৰেই পাৰ হ’ব৷ সন্তানৰ পৰা সু–সংবাদ লাভ৷ দাম্পত্যত সহায় পাব৷

কর্কট : আর্থিকত তেনে বাধা দেখা নাযায়৷ ঘৰুৱা দিশতো খুব বেয়া নহ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ভ্রমণৰ সুযোগ৷

সিংহ : কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব৷ বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব৷ দৈহিক দিশত শুভ৷ প্রেমত মধ্যম৷ ঘৰুৱা চিন্তা৷

কন্যা : শাৰীৰিক দিশত শুভ৷ পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷

তুলা : আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কর্মক্ষেত্রত দুপৰীয়াৰ পৰা সাৱধান৷

বৃশ্চিক : শৰীৰ মধ্যম৷ কর্মত সৰু–সুৰা বাধা থাকিব৷ ব্যৱসায়ত আনৰ সহায় লাভ৷ দাম্পত্যত চিন্তা৷

ধনু : মধ্যম ফল৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰিব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ দাম্পত্যতো তদ্রূপ৷

মকৰ : দিনৰ দহ বজাৰ পৰা ভাল সংযোগ দেখা যায়৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷

কুম্ভ : গতানুগতিক কামত বেছি বাধা নাই৷ দাম্পত্যত ভালেই৷ কর্মক্ষেত্রত বাধা আঁতৰিব৷ শুভ সংবাদ লাভ৷

মীন : আনন্দপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি৷ শৰীৰ খুব উন্নত নহ’ব৷

You might also like