নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জুলাই, আহাৰ মাহৰ ২৮ তাৰিখ
শনিবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : হস্তা, যাত্রা : নাই

মেষ : আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব৷ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হালধীয়া নতুবা ক্রীম ৰঙৰ কাপোৰ পৰিধান কৰক৷ শুভ সংখ্যা ১৷

বৃষ : পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ ৰঙা বস্ত্র পৰিধান কৰিব আৰু ৰঙা বস্তু খাব৷ পাৰিলে শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৫৷

মিথুন : ব্যৱসায়ত উন্নতিৰ কাৰকতা৷ যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ ক’লা কাপোৰ পৰিধান কৰক ৷ প্রেমত শুভ৷ শুভ সংখ্যা ৭৷

কর্কট : অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব৷ বিদ্যার্থীসকলৰ শুভ৷ যাত্রা কৰাৰ সময়ত গুলপীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব৷

সিংহ : কর্মক্ষেত্রত সাৱধান থাকিব, কাৰণ আপোনাৰ আজিৰ দিনটো শুভ নহয়৷ যাত্রা কৰোঁতে আৰু শুভ কাম কৰোঁতে বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৮৷

কন্যা : দূৰ সংবাদত আনন্দিত হ’ব পাৰে৷ অপোনাৰ শুভ ৰং আকাশী নীলা৷ এই ৰঙে আপোনাৰ কর্মত সফলতা আনিব৷ সন্ধিয়া বিষ্ণু মন্দিৰত চাকি জ্বলাব৷ শুভ সংখ্যা ৯৷

তুলা : আজি আপোনাৰ যাত্রা শুভ৷ যাত্রা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ২৷

বৃশ্চিক : অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ শুভ কাম আগত লৈ যাত্রা নকৰাই ভাল৷ আপোনাৰ শুভ ৰং মেৰুণ৷ প্রেমত শুভ৷ শুভ সংখ্যা ৮৷

ধনু : কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ আজি যাত্রা কৰিব বিচাৰিলে প্রথম যাত্রাটো পূব দিশে কৰিব৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷

মকৰ : চাকৰি প্রার্থীৰ কর্মসংস্থানৰ পথ প্রশস্ত হ’ব৷ আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব৷ কমলা ৰঙৰ কাপোৰ পিন্ধি পুৱা সূর্য দেৱতাক প্রণাম কৰিব৷ শুভ সংখ্যা ৯৷

কুম্ভ : ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰক৷ সুফল পাব৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ শুভ সংখ্যা ১৷

মীন : আজি ভাবি–চিন্তি কামত অগ্রসৰ হ’ব৷ কর্মত বাধা আছে৷ যাত্রাৰ আগতে হাতত ক’লা সূতাৰে তিনি পাক দি বান্ধিব আৰু ক’লা বস্ত্র পৰিধান কৰিব৷ শুভ সংখ্যা ৫৷

You might also like