নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ জুলাই, আহাৰ মাহৰ ২৯ তাৰিখ
দেওবাৰ : তিথি– শুক্লা অষ্টমী, নক্ষত্র : চিত্রা, যাত্রা : নাই

মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷ সন্তানৰ শুভ৷

বৃষ : কর্মক্ষেত্রত বেয়া নহ’ব৷ কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো বাঞ্ছনীয়৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ চুটি ভ্রমণ হ’ব পাৰে৷

মিথুন : আজি প্রায় দিশে কিছু হ’লেও ফৰকাল৷ বিদ্যাতো তেনে বাধা দেখা নাযায়৷ কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব৷ দাম্পত্যত মধ্যম৷ ব্যৱসায়ত শুভ৷

কর্কট : শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি৷ একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ গুৰুত্বপূর্ণ কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে৷ প্রেমত বাধা৷

সিংহ : আজিৰ দিনটো প্রায় ফৰকাল৷ শৰীৰো বেয়া নাযাব৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ মনৰ মানুহৰ সান্নিধ্য লাভ৷ দাম্পত্যতো বেয়া নহ’ব৷

কন্যা : মনটো বেয়া নাযাব৷ ঘৰুৱা পৰিৱেশো অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত আন্তৰিকতা৷

তুলা : কর্মক্ষেত্রত বাধা কম পাব৷ ঘৰুৱা খেলিমেলিৰ পৰা কিছু উন্নতি৷ ভ্রমণত জটিলতা নাই৷ দাম্পত্যতো শুভ৷ বিদ্যাত মধ্যম ফল পাব৷ প্রেমত হতাশা৷

বৃশ্চিক : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–অশান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷

ধনু : আপোনাৰ স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম৷

মকৰ : কর্ম তৎপৰতা বৃদ্ধি পাব৷ আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব৷ ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্রমণত কষ্ট৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷

কুম্ভ : কিছু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷

মীন : কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও চিন্তা নকৰিব৷

You might also like