আজি ১৫ জুলাই, আহাৰ মাহৰ ৩০ তাৰিখ
সোমবাৰ : তিথি– শুক্লা নৱমী, নক্ষত্র : স্বাতী, যাত্রা : নাই
মেষ : শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷
বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ তুলসী গছৰ গুৰিত পানী ঢালি ধূপ–চাকি জ্বলাব৷
মিথুন : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কট : শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহ : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ ধন হাতলৈ আহিব যদিও খৰচ বাঢ়িব৷ বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
কন্যা : শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ হনুমান চালিচা পাঠ কৰিব৷
তুলা : শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢালি ধূপ জ্বলাব৷
বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনু : শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ চাকৰিৰ খবৰ আহিব পাৰে৷ কপালত চন্দনৰ ফোঁট ল’ব৷
মকৰ : শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ সন্তানৰ শুভ৷ ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷
কুম্ভ : শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ তিনিটা ৰঙা জবা ফুল লৈ শিৱ লিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷
মীন : শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷