নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জুলাই, শাওণ মাহৰ ৫ তাৰিখ
দেওবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : শুভ

মেষ : ব্যৱসায় ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

বৃষ : নতুন গৃহ নির্মাণ হোৱাৰ সম্ভাৱনা৷ চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে৷ অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

মিথুন : আর্থিক দিশত অশান্তি হ’ব পাৰে৷ অতিৰিক্ত অর্থ লাভৰ আশাই সমস্যা সৃষ্টি কৰিব৷ বিজ্ঞান চর্চাত অগ্রগতিৰ সম্ভাৱনা দেখা যায়৷ শুভ ছাই ৰং, সংখ্যা ৫৷

কর্কট : ব্যৱসায়ীৰ কাৰণে দিনটো বিশেষ শুভ নহ’ব পাৰে৷ অতি প্রয়োজন হ’লে দিনৰ তিনি বজাৰ পিছত ভ্ৰমণ কৰিব৷ হালধীয়া ৰং ব্যৱহাৰ কৰক৷ শুভ সংখ্যা ৫৷

সিংহ : আজি প্রায় দিশতে আপোনাৰ দক্ষতা থাকিব৷ আজি আপুনি ক্রীম ৰঙৰ কাপোৰ–কানি ব্যৱহাৰ কৰক৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ২৷

কন্যা : আজিৰ দিনটো আপোনাৰ কাৰণে শুভ যদিও আর্থিক লেনদেনত সাৱধান থাকিব৷ ঘৰুৱাত সুখ অনুভৱ কৰিব৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

তুলা : দিনৰ ৯ বজাৰ পৰা কিছু উন্নত৷ আর্থিক দিশত শুভ ফল পাব৷ আজি আপোনাৰ কাৰণে শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৯৷

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা৷ বিদ্যাত শুভ ফল পাব৷ পুৱা সাত বজাৰ পিছত যাত্রা কৰিব আৰু এই সময়ত ক’লা ৰং ব্যৱহাৰ নকৰিব৷ শুভ সংখ্যা ৫৷

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা৷ বিদ্যাত শুভ ফল পাব৷ পুৱা সাত বজাৰ পিছত যাত্রা কৰিব আৰু এই সময়ত ক’লা ৰং ব্যৱহাৰ নকৰিব৷ সেউজীয়া ৰং ব্যৱহাৰ কৰিব, শুভ ফল পাব৷ শুভ সংখ্যা ৬৷

মকৰ : পুৱা দহ বজালৈ কিছু সাৱধান থকা ভাল৷ ঘৰুৱাত তেনে বাধা নাই৷ আজি যাত্রা কৰিলে ৰঙা বস্ত্র পৰিধান কৰিব৷ ভ্রণমাদিত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

কুম্ভ : আর্থিক দিশত শুভ ফল লাভ কৰিব৷ ব্যৱসায়ত আয় বৃদ্ধি৷ আজি আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ আজি আপোনাৰ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

মীন : সাৱধানেৰে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ আজি আপুনি শুভ কামৰ কাৰণে যাত্রা নকৰিব৷ অতি প্রয়োজন হ’লে নীলা ৰঙৰ কাপোৰ পিন্ধিহে ওলাব৷ শুভ সংখ্যা ১৷

You might also like