নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ জুলাই, শাওণ মাহৰ ৭ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা দ্বিতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ

মেষ : বিভিন্ন ধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৩৷

বৃষ : আৱেগপ্রৱণতা৷ কর্মত বিপদৰ শংকা নাথাকিব৷ ব্যস্ত হৈ পৰাৰ কাৰক৷ আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ দূৰ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ সংখ্যা ২৷

মিথুন : কর্তৃত্বহীন লোকৰ পৰা কোনো অভিযোগ পোৱাৰ সম্ভাৱনা৷ খৰচ–পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্রণৰ মাজত থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷

কর্কট : কর্মব্যস্ত লোকৰ মধ্যম দিন৷ অনুকূল ফল আশা কৰিব পাৰে৷ শুভ বর্ণ ৰঙা৷ ৰঙা বস্ত্র পৰিধান কৰি পুৱা সূর্য প্রণাম কৰিব৷ শুভ সংখ্যা ৭৷

সিংহ : কর্মক্ষেত্রত ভৱিষ্যৎ অনুকূল দেখা যায়৷ কিন্তু সংযোগ প্রাপ্তিত বাধা পাব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ যাত্রা কৰিলেও পুৱাৰ ভাগতহে কৰিব৷ ক্রীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৩৷

কন্যা : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ সংখ্যা ১৷

তুলা : আর্থিক লাভ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব৷ ধৰুৱাত পূর্বৰ তুলনাত উন্নত৷ শুভ বর্ণ মেৰুন৷ আজি যাত্রা কৰোতে মেৰুন ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ২৷

বৃশ্চিক : সামান্য উন্নত৷ কিবা পৰিৱেশৰ বাবে উদ্বেগ থাকিব৷ যোগাযোগ কৰি উৎসাহ পাব৷ আজি আপুনি পাতল গুলপীয়া ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

ধনু : ফুৰা–চকাত সাৱধানে চলক৷ অন্যমনস্কতাৰে একোকে নকৰিব৷ পুৱাৰ ভাগত শিৱৰ মন্ত্র জপ কৰক৷ হাতত এখন বগা ৰুমাল ৰাখক৷ জ্ঞাতি–কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা৷ শুভ সংখ্যা ৩৷

মকৰ : নিৰাশাবাদ৷ মতান্তৰৰ সম্ভাৱনা৷ কিন্তু পুৰণা প্রিয় বন্ধু লাভৰ যোগ৷ যাত্রাদি স্থগিত ৰাখক৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম৷ শুভ সংখ্যা ৯৷

কুম্ভ : কোনোৰ আশান্বিত উন্নতি বা সংস্থাপন৷ পিতৃ–মাতৃক লৈ অৱশ্যে চিন্তা থাকিব৷ আজি আপোনাৰ শুভ বর্ণ পাতল নীলা৷ যাত্রা বা শুভ কর্ম কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব৷ শুভ সংখ্যা ৪৷

মীন : কর্মস্থানত কিবা খেলিমেলি বা ভুল যাতে নহয়, লক্ষ্য ৰাখক৷ বিদ্যার্থীসকলৰ খুব বেয়া দেখা নাযায়৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷ শুভ সংখ্যা ৮৷

You might also like