নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ আগষ্ট, ভাদ মাহৰ ২ তাৰিখ
সোমবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : শ্রৱনা, যাত্রা : নাই

মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷ ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ বিদ্যার্থীসকলৰ শুভ৷ প্রেমত শুভ৷

বৃষ : শুভ প্রভাৱৰ ফলত কন্যা বা পুত্রৰ বিবাহৰ যোগ দেখা যায়৷ বেয়া–ভালৰ মাজত দিনটো পাৰ হ’ব৷ শুভ ৰং ৰঙা, সংখ্যা ২৷

মিথুন : কর্মক্ষেত্রত শত্রুই প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷

কর্কট : আর্থিক ক্ষেত্রত উন্নতি দেখা যায়৷ ভ্রমণৰ যোগ৷ সন্তানৰ বিদ্যাক লৈ চিন্তা থাকিব৷ বিবাহৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷

সিংহ : বিভিন্নফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ সংসাৰত অশান্তিৰ ফলত মন অশান্তিত থাকিব৷ নীলা কাপোৰ পৰিধান কৰিব৷

কন্যা : ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিকত মধ্যম৷ লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব৷ যাত্রা নকৰাই ভাল৷

তুলা : মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্রত জটিলতাই দেখা দিব পাৰে৷ টকা–পইচা লেনদেন নকৰাই ভাল৷ বিদ্যার্থীৰ কাৰণে ভাল৷

বৃশ্চিক : নিজৰ কোনো মানুহ শত্রু হৈ উঠিব পাৰে৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ চাকৰিয়ালসকলে দিনটো মানসিক চিন্তাত ভুগিব৷ বিদ্যার্থীৰ কাৰণে ভাল৷

ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটো চিন্তাত পেলাব৷ যান–বাহন ক্রয় কৰাৰ যোগ দেখা যায়৷ বিভিন্ন কাৰণত সাংসাৰিক অশান্তি বৃদ্ধি পাব৷

মকৰ : ভাল–বেয়াৰ মাজত দিনটো পাৰ হ’ব৷ চাকৰিৰ ক্ষেত্রত কোনো জটিলতাই দেখা দিব৷ বিদ্যার্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্রত বাধা৷

কুম্ভ : দিনটো কামৰ ব্যস্ততা বৃদ্ধি৷ প্রেম আৰু দাম্পত্য জীৱনত জটিলতা দেখা যায়৷ আর্থিকত ভাল৷ যাত্রা নকৰাই ভাল৷
মীন : পুৱা গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব৷ দিনটো নিৰামিষ খাব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ শুভ ৰং নীলা, সংখ্যা ৫৷

You might also like